গৌৰীপুৰত এজন ব্যক্তিৰ পৰা ১৭ লক্ষ টকা জব্দ
গৌৰীপুৰত এজন ব্যাক্তিৰ পৰা ১৭ লক্ষ টকা জব্দ।
গৌৰীপুৰত এজন ব্যক্তিৰ পৰা ১৭ লক্ষ টকা জব্দ


ধুবুৰী, ২৭ ফেব্ৰুৱাৰী (হি.স.): নিৰ্বাচনৰ পুৰ্বেই গৌৰীপুৰত কালি বিয়লি এজন ব্যাক্তিৰ পৰা ১৭ লক্ষ টকা জব্দ কৰা হৈছে । ধুবুৰীৰ পৰা বঙাইগাঁও লৈ যোৱাৰ পথতেই আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে টকা খিনি। আৰক্ষীয়ে সোধ পোছৰ বাবে আটক কৰিছে ব্যক্তি গৰাকীক।

বৃহৎ অংকৰ টকাখিনি কিহৰ বাবে লৈ গৈ আছিল তাৰ কোনো সঠিক উত্তৰ বা নথি পত্ৰ দেখুৱাব পৰা নাই ব্যক্তি গৰাকীয়ে। নিজকে ব্যৱসায়ী বুলি পৰিচয় দিছে ব্যক্তি গৰাকীয়ে।আৰক্ষীয়ে ব্যক্তি গৰাকীৰ নাম আৰু ঠিকনা এতিয়াও গোপনে ৰাখিছে।

জানিব পৰা মতে এএছ ১৯ এম ৬৫৩৩ নম্বৰৰ হোণ্ডা গাড়ীত কঢ়িয়াই আনিছিল টকা খিনি। বৰ্ত্তমান ব্যক্তি জনৰ লগতে গাড়ী খন আৰক্ষীৰ জিম্মাত ৰখা হৈছে । প্ৰাথমিক তদন্তত কোনো ধৰণৰ তথ্য নোপোৱাত গৌৰীপুৰ আৰক্ষীয়ে জিম্মাতেই আছে টকা আৰু আটক হোৱা ব্যক্তিজন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande