
হোজাই, ২৬ ফেব্ৰুৱাৰী (হি.স.)। হোজাই জিলাৰ লামডিঙত যোৱা কালি বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত গুৰুতৰভাৱে আহত হয় এজন বাইক আৰোহী। লামডিং লংকা সংযোগি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটি সংঘটিত হয়।
জানিব পৰামতে, দুজন যুৱকে বাইক চলাই লামডিঙৰ পৰা লংকা অভিমুখী গৈ থকাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই এছ টাৰ্নিং পইন্ট স্থিত ডিভাইডাৰত খুন্দাই যাৰফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ৰাহুল চৌহান নামৰ এজন যুৱক। পথাচাৰীয়ে ততাতয়াকৈ আঘাতপ্ৰাপ্ত দুই বাইক আৰোহীক লামডিং অসামৰিক চিকিৎসালয়লৈ লৈ যায়। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ এএছ ৩১ জি ৯৮৬৭ বুলি জনা গৈছে। চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি সংকটজনক অৱস্থাত থকা ৰাহুল চৌহানক ডিফু মেডিকেল কলেজত প্ৰেৰণ কৰে।
খবৰ পাই আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গস্থ বাইকখন উদ্ধাৰ কৰি লৈ আনে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা