এইচআইভি প্ৰতিৰোধ সম্পৰ্কীয় অগ্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে গুৱাহাটীত কৰ্মশালা, মণিপুৰ আৰু মিজোৰামত নিবিড় পৰ্যালোচনা
–তিনিদিনীয়া পৰ্যালোচনা কৰ্মশালাৰ দ্বিতীয় দিনটোত জিলা নিৰ্দিষ্ট পৰিকল্পনা আৰু লক্ষ্যভিত্তিক কাৰ্যসূচীৰ কৌশলকলৈ আলোচনা গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। “মণিপুৰ আৰু মিজোৰামৰ দৰে এইচ আই ভিৰ উচ্চ প্ৰাদুৰ্ভাৱ থকা ৰাজ্যসমূহত নতুন সংক্ৰমণৰ ৰোধ কৰিবলৈ
এইচআইভি প্ৰতিৰোধ সম্পৰ্কীয় অগ্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে গুৱাহাটীত কৰ্মশালা


–তিনিদিনীয়া পৰ্যালোচনা কৰ্মশালাৰ দ্বিতীয় দিনটোত জিলা নিৰ্দিষ্ট পৰিকল্পনা আৰু লক্ষ্যভিত্তিক কাৰ্যসূচীৰ কৌশলকলৈ আলোচনা

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। “মণিপুৰ আৰু মিজোৰামৰ দৰে এইচ আই ভিৰ উচ্চ প্ৰাদুৰ্ভাৱ থকা ৰাজ্যসমূহত নতুন সংক্ৰমণৰ ৰোধ কৰিবলৈ কাৰ্যকৰী পৰিকল্পনা যুগত কৰা, তথ্যভিত্তিক নিৰীক্ষণ আৰু শক্তিশালী স্থানীয় সঁহাৰি অতি প্ৰয়োজনীয়”, মিছন এইডছ সুৰক্ষাৰ অধীনত চলি থকা তিনিদিনীয়া পৰ্যালোচনা কৰ্মশালাৰ দ্বিতীয় দিনটোত মণিপুৰ আৰু মিজোৰামত এইচ আই ভিৰ সংক্ৰমণ তথা এই বিষয়ত সঁহাৰি সন্দৰ্ভত পৰ্যালোচনা কৰি নাকোৰ অতিৰিক্ত সচিব তথা সঞ্চালক প্ৰধান ডাঃ ৰাকেশ গুপ্তাই এনেদৰে কয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা (নাকো)ৰ উদ্যোগত দেশৰ উত্তৰ-পূব অঞ্চলৰ উচ্চ অগ্ৰাধিকাৰপ্ৰাপ্ত জিলাসমূহৰ এইচ আই ভি প্ৰতিৰোধ সম্পৰ্কীয় অগ্ৰগতিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে গুৱাহাটীত এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।

নাকোৰ অতিৰিক্ত সচিব আৰু সঞ্চালক প্ৰধান ডাঃ ৰাকেশ গুপ্তাৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ্মশালাত বিশ্ব এইডছ দিৱসৰ সৈতে সংগতি ৰাখি ৯৫-৯৫-৯৯ৰ লক্ষ্যত উপনীত হোৱা আৰু ২০২৭ চনৰ ১ ডিচেম্বৰৰ ভিতৰত এইচ আই ভি নিয়ন্ত্ৰণৰ বাবে ভাৰতে নিৰ্ধাৰণ কৰা লক্ষ্য পূৰণৰ দিশত অগ্ৰগতি লাভৰ অৰ্থে ৰাজ্য নিৰ্দিষ্ট মহামাৰীৰ প্ৰৱণতা, জিলা পৰ্যায়ত ঘটা ব্যৱধান তথা লক্ষ্য নিৰ্ধাৰণ কৰা কৌশলসমূহৰ বিষয়ে পৰ্যালোচনা কৰা হয়।

সুৰক্ষা সংকল্প কৰ্মশালাৰ দ্বিতীয় দিনটোত মণিপুৰৰ চিনাক্তকৃত ১২খন উচ্চ অগ্ৰাধিকাৰপ্ৰাপ্ত জিলা আৰু মিজোৰামৰ ১১খন উচ্চ অগ্ৰাধিকাৰপ্ৰাপ্ত জিলাৰ ক্ষেত্ৰত জিলা পৰ্যায়ৰ বিশদ পৰ্যালোচনা কৰা হয়। আলোচনাকালত মহামাৰীৰ ধাৰা, কাৰ্যসূচীৰ সম্প্ৰসাৰণ , চিকিৎসাৰ ফলাফল, ভাইৰাছৰ লোড নিয়ন্ত্ৰণৰ মাত্ৰা আৰু উচ্চ বিপজ্জনক গোটসমূহৰ মাজত প্ৰচাৰ আদি বিষয়সমূহকলৈ আলোচনা কৰা হয়। ০.৮১ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ মাজত এইচ আই ভিৰ প্ৰাদুৰ্ভাৱ ঘটা আৰু এইচ আই ভিত আক্ৰান্ত ২৩,০০০ৰো অধিক লোকৰ আনুমানিক বোজা থকা মণিপুৰ এতিয়া ৰাষ্ট্ৰীয় এইচ আই ভি সঁহাৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰা ৰাজ্য হিচাবে বিবেচিত হৈছে। কৰ্মশালাত ৰাজ্য খনৰ বিষ্ণুপুৰ, চান্দেল, চুৰাচান্দপুৰ, ইম্ফল পূব , ইম্ফল পশ্চিম, থৌবাল আৰু উখৰুলকে ধৰি আন জিলাসমূহৰ বিষয়ে বিতং পৰ্যালোচনা কৰি ক্ষুদ্ৰ পৰ্যায়ৰ সূচকসমূহৰ মূল্যায়ন তথা পৰীক্ষা, চিকিৎসাৰ সৈতে সংযোগ, পৰিচৰ্যা আৰু ভাইৰাছ দমনৰ ব্যৱধান আদি বিষয়সমূহ চিনাক্ত কৰা হয়।

দেশৰ ভিতৰতে এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ সৰ্বাধিক হাৰ ২.৭৫ শতাংশৰে এইচ আই ভিত আক্ৰান্ত ২৬ হাজাৰতকৈ অধিক লোকৰ আনুমানিক বোজা থকা মিজোৰামৰ বিষয়েও কৰ্মশালাত ব্যাপক পৰ্যালোচনা কৰা হয়। আইজল, চম্পাই, কোলাছিব, লুংলেই, চেৰচিপ, মামিত আৰু ছিয়াহাৰ দৰে জিলাসমূহৰ বাবে জিলা নিৰ্দিষ্ট কৌশলৰ মূল্যায়ন কৰা হয়। বিশেষকৈ পৰীক্ষা কৌশল, সূচকাংক পৰীক্ষা, চিকিৎসাৰ সৈতে উন্নত সংযোগ, অ’এছটি সেৱা বৃদ্ধি তথা যুৱক-যুৱতী আৰু উচ্চ বিপজ্জনক গোটসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীভূত মনোযোগৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয় । কৰ্মশালাত লগতে আগতীয়াকৈ ৰোগ ধৰা পেলোৱাৰ ক্ষেত্ৰত থকা ব্যৱধান দূৰ কৰা আৰু চিকিৎসাৰ প্ৰতি আনুগত্য বৃদ্ধি তথা ভাইৰাছ দমন নিশ্চিত কৰিবলৈ অনুসৰণমূলক ব্যৱস্থাক শক্তিশালী কৰাৰ বিষয়তো বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

ড০ গুপ্তাই তেওঁৰ ভাষণত দৃঢ়তাৰে কয়, “ভাৰতে ২০২৭ চনৰ ১ ডিচেম্বৰৰ ভিতৰত এইচ আই ভি নিয়ন্ত্ৰণৰ লক্ষ্য পূৰণৰ বাবে এক স্পষ্ট আৰু সময়সীমাবদ্ধ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰতিখন উচ্চ অগ্ৰাধিকাৰৰ জিলাই এই প্ৰতিশ্ৰুতিক ৯৫-৯৫-৯৯ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি পৰিমাপ কৰিব পৰা ফলাফললৈ ৰূপান্তৰিত কৰিব লাগিব।”এই কৰ্মশালাৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্বজুৰি ৯৫-৯৫-৯৯ লক্ষ্যত উপনীত হোৱাৰ দিশত কৌশল নিৰ্ধাৰণ তথা অগ্ৰগতিক ত্বৰান্বিত কৰা। যাতে এইচ আই ভিত আক্ৰান্ত সকলো লোকৰ ৯৫% লোকে নিজৰ এইচ আই ভিৰ অৱস্থাৰ বিষয়ে জানে, সংক্ৰমণ ধৰা পৰাসকলৰ ৯৫% লোকে স্থায়ী এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী (এ আৰ টি) লাভ কৰে আৰু চিকিৎসাধীন লোকসকলৰ ৯৯% লোকে ভাইৰাছ দমনৰ ক্ষমতা লাভ কৰে। বিশ্ব এইডছ দিৱসৰ সৈতে সংগতি ৰাখি ২০২৭ চনৰ ১ ডিচেম্বৰৰ ভিতৰত এইচ আই ভি নিয়ন্ত্ৰণৰ লক্ষ্য পূৰণৰ অৰ্থে মিছন এইডছ সুৰক্ষাৰ অধীনত প্ৰচেষ্টাসমূহক একত্ৰিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই কৰ্মশালাৰ কাৰিকৰী অধিৱেশন তথা ৰাজ্যিক পৰ্যালোচনা অব্যাহত আছে।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande