ধুবুৰীত কাপোৰৰ দোকানত মহিলা চোৰৰ উপদ্ৰৱ, আটক মহিলা চোৰ
ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ধুবুৰীত কাপোৰৰ দোকানত মহিলা চোৰৰ উপদ্ৰৱ। আটক মহিলা চোৰ। ধুবুৰীৰ চহৰৰ চক বজাৰৰ এখন কাপোৰ দোকানত সংঘটিত চুৰিকাণ্ডৰ ঘটনা। প্ৰায় এক মাহ পূৰ্বে ধুবুৰী চক বজাৰৰ এখন কাপোৰৰ দোকানৰ পৰা এগৰাকী মহিলাৰ ৰূপৰ আ-কলংকাৰ আৰু কাপোৰৰ
ধুবুৰীত কাপোৰৰ দোকানত মহিলা চোৰৰ উপদ্ৰৱ, আটক মহিলা চোৰ


ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ধুবুৰীত কাপোৰৰ দোকানত মহিলা চোৰৰ উপদ্ৰৱ। আটক মহিলা চোৰ। ধুবুৰীৰ চহৰৰ চক বজাৰৰ এখন কাপোৰ দোকানত সংঘটিত চুৰিকাণ্ডৰ ঘটনা। প্ৰায় এক মাহ পূৰ্বে ধুবুৰী চক বজাৰৰ এখন কাপোৰৰ দোকানৰ পৰা এগৰাকী মহিলাৰ ৰূপৰ আ-কলংকাৰ আৰু কাপোৰৰ বেগ চুৰি কৰি লোৱাৰ অভিযোগ আলমগঞ্জ মুলিআলিঘাট জেহেনা বিবিৰ বিৰুদ্ধে ।

চুৰিকাণ্ড সংঘটিত কৰা মহিলা গৰাকীয়ে আজি পুনৰ ধুবুৰী চক বজাৰৰ একেখন কাপোৰৰ দোকানত চুৰিকাণ্ড সংঘটিত কৰিবলৈ উপস্থিত হোৱাত দোকানত সংযোজন হৈ থকা চি চি টিভিৰ পৰা চুৰিকাণ্ড কৰা জেহেনা বিবিক চিনাক্ত কৰি দোকানীয়ে খবৰ দিয়ে আৰক্ষীক।

ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক আটক কৰি ধুবুৰী সদৰ থানাত লৈ গৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande