
কামৰূপ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। পলাশবাৰীৰ সৰু ফুলগুৰিত বনৰীয়া হাতীৰ তাণ্ডৱ। যোৱা নিশা পলাশবাৰীৰ সৰু ফুলগুৰি নিবাসী নৰেন দাস আৰু ওচৰৰে তপন কলিতাৰ গৃহত বনৰীয়া হাতীয়ে তাণ্ডব চলাই। নৰেন দাসৰ বাসগৃহত দুটাকৈ বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি ধানৰ ভৰাল ভাঙি বহু পৰিমাণে ধান খায় গছ-গছনি ভাঙি বিস্তৰ ক্ষতিসাধন কৰে।
সমান্তৰাল ভাৱে বনৰীয়া হাতীয়ে সেই গাৱৰে নিবাসী তপন কলিতাৰ বাসগৃহ ভাঙি পেলোৱাৰ লগতে খেতি- বাতি গছকি নষ্ট কৰে। নিশাটো তীব্ৰ ভয় আশংকাৰ মাজেৰে পাৰ কৰে পৰিয়াল দুটিয়ে। এতিয়া ভূক্তভোগী পৰিয়াল দুটিয়ে বন বিভাগ আৰু স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ পৰা বিচাৰিছে আৰ্থিক সহায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু