বিশ্ব ব্যৱসায় সংস্থাই জুলাই মাহত পুনৰীক্ষণ কৰিব ভাৰতৰ অষ্টম বাণিজ্য নীতি
নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। চলিত বৰ্ষৰ জুলাই মাহত ভাৰতৰ অষ্টম বাণিজ্য নীতিৰ পৰ্যালোচনা কৰিব বিশ্ব বাণিজ্য সংস্থাই। এই সময়ছোৱাত সদস্য দেশসমূহে ভাৰতৰ বাণিজ্য নীতিৰ বিস্তৃত পৰ্যালোচনা কৰিব। বিত্ত মন্ত্ৰালয়ে বৃহস্পতিবাৰে উল্লেখ কৰে যে জুলাই
डब्ल्यूटीओ में सीबीआईसी के बैठक का जारी फोटो


डब्ल्यूटीओ में सीबीआईसी के बैठक का जारी फोटो


নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। চলিত বৰ্ষৰ জুলাই মাহত ভাৰতৰ অষ্টম বাণিজ্য নীতিৰ পৰ্যালোচনা কৰিব বিশ্ব বাণিজ্য সংস্থাই। এই সময়ছোৱাত সদস্য দেশসমূহে ভাৰতৰ বাণিজ্য নীতিৰ বিস্তৃত পৰ্যালোচনা কৰিব।

বিত্ত মন্ত্ৰালয়ে বৃহস্পতিবাৰে উল্লেখ কৰে যে জুলাই মাহত বাণিজ্য নীতিৰ পৰ্যালোচনাৰ পূৰ্বে শুল্ক আয়োগৰ এজন সদস্যৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দলে ভাৰতৰ ডিজিটেল শুল্ক সংস্কাৰ আৰু বাণিজ্য সুবিধা চুক্তি (টিএফএ) ৰূপায়ণৰ বিষয়ে বিশ্ব ব্যৱসায় সংস্থাৰ সন্মুখত দাখিল কৰে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ড (চিবিআইচি)ৰ সদস্য (কাষ্টমছ) সুৰজীত ভুজবালে। ইয়াৰ পূৰ্বে ২০২১ চনৰ জানুৱাৰী মাহত জেনেভাত থকা বিশ্ব ব্যৱসায় সংস্থাত ভাৰতৰ সপ্তম বাণিজ্য নীতিৰ পৰ্যালোচনা অনুষ্ঠিত হৈছিল।

বিত্ত মন্ত্ৰালয়ে উল্লেখ কৰে যে চিবিআইচি আৰু ভাৰতৰ স্থায়ী মিছনে ২৪ ফেব্ৰুৱাৰীত বিশ্ব ব্যৱসায় সংস্থাত বিশেষ বাণিজ্য সুবিধা প্ৰদানৰ অধিবেশনৰ আয়োজন কৰিছিল। প্ৰায় ৪০খন দেশৰ প্ৰতিনিধিয়ে জেনেভাত এই অধিবেশনত অংশগ্ৰহণ কৰি ভাৰতৰ অভিজ্ঞতা আৰু উত্তম পদ্ধতিৰ প্ৰতি ব্যাপক আগ্ৰহ প্ৰদৰ্শন কৰিছিল। মন্ত্ৰালয়ে উল্লেখ কৰে যে ভাৰতে বিশ্ব ব্যৱসায় সংস্থাৰ বাণিজ্য সুবিধা চুক্তিৰ অধীনত নিজৰ প্ৰতিশ্ৰুতিৰ ১০০% নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অৱগত কৰিছে। ইয়াৰ পিছত এতিয়া দেশখনে টিএফএ প্লাছ ব্যৱস্থাৰ দিশে আগবাঢ়িছে, যিবোৰে ৰাষ্ট্ৰীয় বাণিজ্য সুবিধামূলক কাৰ্য্য পৰিকল্পনা (এনটিএফএপি ৩.০)ৰ অধীনত নূন্যতম মানদণ্ডৰ বাহিৰলৈ গৈ বিশ্বৰ উত্তম পদ্ধতিৰ সৈতে সংগতি ৰাখি সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

বিশেষ সচিব তথা সদস্য (শুল্ক) সুৰজিত ভুজবলে উল্লেখ কৰে যে বিগত দশকত শুল্ক পদ্ধতিৰ ডিজিটেলাইজেচন আৰু আধুনিকীকৰণে বাণিজ্য বৃদ্ধি আৰু বিশ্বৰ যোগান শৃংখলত ভাৰতৰ একত্ৰীকৰণ শক্তিশালী কৰিছে। ভাৰতৰ ৰাষ্ট্ৰদূত তথা বিশ্ব বাণিজ্য সংস্থা (ডৱ্লিউটিঅ’), জেনেভাত স্থায়ী প্ৰতিনিধি ড° সেনথিল পাণ্ডিয়ানে উল্লেখ কৰে যে ভাৰতে বাণিজ্য সুবিধা সংস্কাৰক নিজৰ বাণিজ্য নীতিৰ মূল স্তম্ভ হিচাপে গঢ়ি তুলিছে।

মন্ত্ৰালয়ে কয় যে বাণিজ্য সুবিধাৰ ওপৰত অধিবেশনৰ সময়ত ভাৰতীয় শুল্ক বিভাগে “সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী”ৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখবিহীন, যোগাযোগহীন আৰু কাগজবিহীন শুল্ক ব্যৱস্থা সৃষ্টিৰ বাবে কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ ফলত ব্যাপক ডিজিটেলাইজেচন আৰু উন্নত প্ৰক্ৰিয়াৰ জৰিয়তে সীমা অতিক্ৰম কৰা বাণিজ্য সৰল কৰাত সহায় হৈছে। মন্ত্ৰালয়ে কয় যে ডিজিটেল শুল্ক ব্যৱস্থাই ব্যৱসায়ী, বেংক, লজিষ্টিক কোম্পানী, আৰু শুল্ক কৰ্তৃপক্ষক সংযোগ কৰে, যাৰ ফলত নথি-পত্ৰৰ ইলেক্ট্ৰনিক প্ৰক্ৰিয়াকৰণ সম্ভৱ হয়, লেনদেনৰ খৰচ হ্ৰাস পায় আৰু সামগ্ৰীৰ ক্লিয়াৰেন্সৰ সময় হ্ৰাস পাইছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande