
কোকৰাঝাৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.): অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত মহিলাৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ কৰা হৈছে । যোৱা পাঁচদিন ধৰি নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছিল যদিও সন্ধান পোৱা নাছিল।
ইফালে যোৱা কালি বুধবাৰে বিয়লি মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাই পৰিয়ালৰ লোকে আহি চিনাক্ত কৰে।মৃত মহিলাগৰাকীৰ ভাতৃ গৌতম দত্তই মৃত মহিলা গৰাকী তাৰ বাইদেৱেক অনিতা দত্ত বুলি চিনাক্ত কৰে। মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ ব্যক্ত কৰিছে। শিমুলটাপু আৰক্ষী চকীৰ পৰা তিনি চাৰিশ মিটাৰ দুৰত্বত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্বামী পৰিত্যক্তা মহিলাগৰাকী চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কুমাৰগ্ৰাম থানাৰ অন্তৰ্গত পাকৰিগুৰি গাঁৱৰ বাসিন্দা। এইক্ষেত্ৰত শিমুলটাপু আৰক্ষী, কোকৰাঝাৰ আৰক্ষীৰ দল উপস্হিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ