(আপডেট) পশ্চিম বংগৰ কেইবাটাও ডাকঘৰ আৰু কলকাতাৰ পাৰপত্ৰ সেৱা কেন্দ্ৰলৈ বোমাৰ ভাবুকি; অনুসন্ধান অভিযান অব্য়াহত
কলকাতা, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কলকাতাৰ কেইবাটাও ডাকঘৰ আৰু পাছপ’ৰ্ট সেৱা কেন্দ্ৰই বৃহস্পতিবাৰে ইমেইলযোগে বোমাৰ ভাবুকি লাভ কৰি আতংকৰ সৃষ্টি কৰে। ভাবুকি পোৱাৰ লগে লগে নিজ নিজ চৌহদ খালী কৰি ব্যাপক অনুসন্ধান অভিযান আৰম্ভ কৰা হয়। উত্তৰ বংগৰ ঊনৈশটা পাৰ
सांकेतिक तस्वीर


কলকাতা, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কলকাতাৰ কেইবাটাও ডাকঘৰ আৰু পাছপ’ৰ্ট সেৱা কেন্দ্ৰই বৃহস্পতিবাৰে ইমেইলযোগে বোমাৰ ভাবুকি লাভ কৰি আতংকৰ সৃষ্টি কৰে। ভাবুকি পোৱাৰ লগে লগে নিজ নিজ চৌহদ খালী কৰি ব্যাপক অনুসন্ধান অভিযান আৰম্ভ কৰা হয়। উত্তৰ বংগৰ ঊনৈশটা পাৰপত্ৰ চেণ্টাৰ আৰু ডাকঘৰতো বোমাৰ ভাবুকি লাভ কৰিছে ৷

আৰক্ষী বিষয়াসকলে জনোৱা মতে, কলকাতাৰ পাৰপত্ৰ সেৱা কেন্দ্ৰত বোমা নিষ্কাশন দল আৰু স্নিফাৰ ডগৰ সহায়ত পুংখানুপুংখ তালাচী চলোৱা হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে সমগ্ৰ অট্টালিকাটো খালী কৰা হৈছে।

একেদৰে পাৰপত্ৰ সেৱাও চলাই থকা মহাত্মা গান্ধী ৰোডৰ ডাকঘৰটোলৈও আহিছিল এক ভাবুকিপূৰ্ণ ইমেইল। ইমেইলটোত দাবী কৰা হৈছে যে অট্টালিকাটোত বোমা স্থাপন কৰা হৈছে। ইয়াৰ পিছতে হাওৰা আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ছীল কৰি পেলায়। ততাতৈয়াকৈ কৰ্মচাৰী আৰু জনসাধাৰণক উলিয়াই অনা হয়। বোমা নিষ্কাশন দল আৰু ডগ স্কোয়াডে চৌহদত পুংখানুপুংখ তালাচী আৰম্ভ কৰে।

ডাকঘৰৰ এজন কৰ্মচাৰীয়ে কয় যে তেওঁলোকে কাম কৰি আছিল যেতিয়া তেওঁলোকক ভাবুকিপূৰ্ণ ইমেইল আহিল। লগে লগে সকলোকে যাবলৈ কোৱা হ’ল।

আছানছল (পশ্চিম বৰ্ধমান) আৰু কটোৱা (পূব বৰ্ধমান)ৰ ডাকঘৰতো একেধৰণৰ বোমা বিস্ফোৰণৰ ভাবুকি পোৱা গৈছে। ইমেইলসমূহত কৰ্মচাৰীসকলক সম্ভাৱ্য বিস্ফোৰণৰ পূৰ্বে চৌহদ খালী কৰিবলৈ কোৱা হৈছে। এই ভাবুকিৰ পিছতে তৎক্ষণাত সেৱা বন্ধ কৰি দিয়া হয়, আৰু কৰ্মচাৰী আৰু আবেদনকাৰীসকলে আতংকিত হৈ লৰালৰিকৈ ওলাই যায়।

আছানছল ডাকঘৰৰ এজন কৰ্মচাৰীয়ে জনোৱা মতে, বিভাগে ইমেইলত বোমা বিস্ফোৰণৰ ভাবুকিৰ কথা উল্লেখ কৰাৰ পিছতে তেওঁলোকক তৎক্ষণাত যাবলৈ কোৱা হৈছিল। সম্প্ৰতি আৰক্ষী আৰু বিশেষ দলৰ আগমনৰ বাবে অপেক্ষা কৰি আছে।

আৰক্ষীয়ে জনোৱা মতে, ক্ষতিগ্ৰস্ত সকলো স্থানতে তালাচী অব্যাহত আছে। এই পৰ্যন্ত কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা নাই। কিন্তু সতৰ্কতামূলক ব্যৱস্থা হিচাপে সমগ্ৰ ৰাজ্যৰ প্ৰধান চৰকাৰী কাৰ্যালয় আৰু ডাকঘৰসমূহত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে।

বিষয়াসকলে কয় যে ভাবুকিপূৰ্ণ ইমেইলসমূহৰ উৎস বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে। শেহতীয়াকৈ ৰাজ্যখনৰ দেৱানী আদালতে লাভ কৰা ভুৱা বোমা বিস্ফোৰণৰ ভাবুকিৰ সৈতে এই ভাবুকিৰ কোনো সম্পৰ্ক আছে নেকি সেই বিষয়েও তদন্ত আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande