পশ্চিম বংগত এজন স্থায়ী আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ প্ৰক্ৰিয়া ত্বৰান্বিত, ইউ পি এছ চিৰ পৰা বিচাৰিছে বিষয়াৰ নাম
কলকাতা, ২৬ ফেব্ৰুৱাৰী (হি.স.)। আগন্তুক ৰাজ্য বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগৰ শীৰ্ষ আৰক্ষী পদ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি)ক স্থায়ী নিযুক্তিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে পশ্চিম বংগ চৰকাৰৰ পৰা ভাৰতীয় আৰক্ষী সেৱাৰ
UPSC STATE VISE VACCANCY DETAILS


কলকাতা, ২৬ ফেব্ৰুৱাৰী (হি.স.)। আগন্তুক ৰাজ্য বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগৰ শীৰ্ষ আৰক্ষী পদ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি)ক স্থায়ী নিযুক্তিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে পশ্চিম বংগ চৰকাৰৰ পৰা ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়াৰ নাম বিচাৰিছে, ইয়াৰে এজনক ৰাজ্যখনৰ নতুন স্থায়ী ডিজিপি হিচাপে নিযুক্তি দিয়া হ’ব।

বৰ্তমান ১৯৯৩ বেচৰ আই পি এছ বিষয়া পীয়ুষ পাণ্ডে ভাৰপ্ৰাপ্ত ডি জি পি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ৰাজ্যখনৰ শেষৰজন স্থায়ী ডিজিপি আছিল ২০২৩ চনত অৱসৰ গ্ৰহণ কৰা মনোজ মালৱ্য় । তেতিয়াৰ পৰা এই পদটো স্থায়ীভাৱে খালী হৈ আছে।

সূত্ৰ অনুসৰি ইউ পি এছ চিৰ পৰা এই পত্ৰ লাভ কৰাৰ পিছত ৰাজ্যিক সচিবালয় নবান্নাৰ সংশ্লিষ্ট বিভাগে সম্ভাৱ্য প্ৰাৰ্থীক চৰ্টলিষ্ট কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জ্যেষ্ঠতাৰ ভিত্তিত ১৯৯১ বেচৰ আই পি এছ বিষয়া অনুজ শৰ্মাক আগশাৰীৰ বুলি গণ্য কৰা হয়। বৰ্তমান তেওঁ পশ্চিমবংগৰ অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগৰ সঞ্চালক প্ৰধান।

ভাৰপ্ৰাপ্ত ডিজিপি পীযুষ পাণ্ডেৰ উপৰিও সম্ভাৱ্য তালিকাত গৃহৰক্ষীৰ সঞ্চালক প্ৰধান নটৰাজন ৰমেশ বাবু, ৰাজ্যিক সংশোধনী সেৱাৰ সঞ্চালক প্ৰধান সিদ্ধনাথ গুপ্তা, আৰু অসামৰিক প্ৰতিৰক্ষাৰ সঞ্চালক প্ৰধান সঞ্জয় সিংও অন্তৰ্ভুক্ত হ’ব পাৰে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ৩১ জানুৱাৰীত তেতিয়াৰ ভাৰপ্ৰাপ্ত ডিজিপি ৰাজীৱ কুমাৰে অৱসৰ লোৱাৰ পিছতে পীয়ুষ পাণ্ডেক ভাৰপ্ৰাপ্ত ডিজিপি হিচাপে নিযুক্তি দিছিল। সেই সময়ত কেন্দ্ৰীয় চৰকাৰে অভিযোগ উত্থাপন কৰিছিল যে ৰাজ্য চৰকাৰে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ইউ পি এছ চিক নামৰ তালিকাখন দাখিল নকৰাৰ ফলত স্থায়ী নিযুক্তিৰ অনুমোদন লাভ কৰাত বাধাৰ সৃষ্টি হৈছিল।

ডিজিপি নিযুক্তি সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত দীৰ্ঘদিন ধৰি অচলাৱস্থাৰ সৃষ্টি হৈছিল। এতিয়া অনুমান কৰা হৈছে যে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপে হয়তো সমাধানৰ পথ মুকলি কৰিব। নিৰ্বাচনী পৰিৱেশত প্ৰশাসনিক দৃষ্টিকোণৰ পৰা আৰক্ষী অধীক্ষকৰ স্থায়ী নিযুক্তি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande