
বঙাইগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.)। বঙাইগাঁও জিলাৰ যোগীঘোপা অঞ্চলত কৃষকে হাজাৰ হাজাৰ বিঘা চাইনিজ বৰো খেতি কৰিছে যদিও সাৰৰ নাটনি দেখা দিছে । গাওঁ অঞ্চলত বিভাগীয় আই ডি যুক্ত সাৰৰ দোকান একেবাৰে কম থকাত সুবিধা গ্ৰহণ কৰিছে পুঁজিপতি ব্যৱসায়ীয়ে । অঞ্চলটোত কেইবাটাও আই ডি যুক্ত সাৰৰ দোকান আছে যদিও চাহিদা অনুপাতে বিভাগীয় ভাৱে ইউৰিয়া সাৰৰ যোগান নাপায় । ইউৰিয়া সাৰৰ নাটনি হোৱাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ফলত সূলভ মূল্যত পোৱা সাৰৰ পৰা বঞ্চিত হৈছে কৃষক সকলে । বিশেষকৈ এই সময়ত ইউৰিয়া সাৰৰ বহু প্ৰয়োজন কিন্তু বজাৰত প্ৰচুৰ পৰিমাণে পোৱা নাযায় । চাহিদা অনুপাতে ইউৰিয়া সাৰৰ যোগান বহু পৰিমাণে কম ।ফলত কৃষকে সাৰ ক্ৰয় কৰিবলৈ গৈ হাবাথুৰি খাব লগীয়া হৈছে । চাহিদা অনুপাতে বজাৰত সাৰ উপলব্ধ নোহোৱাত কৃষকে অধিক দামত ক্ৰয় কৰিব লগীয়া হৈছে ।তেন্তে চৰকাৰে কৃষকৰ বাবে যোগান ধৰা ৰাজ সাহায্যৰ ইউৰিয়া কলৈ যায় । এই লৈ প্ৰশ্ন উত্থাপন কৰিছে কৃষকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ