চামুগুৰিত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজনৰ
নগাঁও (অসম), ২৬ ফেব্ৰুৱাৰী (হি.স.)। চামুগুৰিৰ অন্তৰ্গত তেলিয়া গাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়। শুকুৰবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা অনুসৰি, হঠাতে এখন ব্ৰেজা গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। দ্ৰুতবেগী গাড়ীখনে ডিভ
Image of the Tragic Road Accident in Samaguri. कार दुर्घटना।


নগাঁও (অসম), ২৬ ফেব্ৰুৱাৰী (হি.স.)। চামুগুৰিৰ অন্তৰ্গত তেলিয়া গাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়।

শুকুৰবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা অনুসৰি, হঠাতে এখন ব্ৰেজা গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। দ্ৰুতবেগী গাড়ীখনে ডিভাইডাৰ ভাঙি সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে। দূৰ্ঘটনাটোৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে তাত থকা দুজন লোকৰ থিতাতে মৃত্যু হয়।

নিহত এজনৰ নাম দ্বীপেন ৰাজখোৱা, আনহাতে আনজন ব্যক্তি এতিয়াও চিনাক্ত হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

हिन्दुस्थान समाचार / ৰমেন বৰ্মণ


 rajesh pande