ইতিহাস ৰচনা কৰি ছিংগাপুৰ স্মাছৰ ছেমিফাইনেলত মনুষ -মানৱ যুটিৰ প্ৰৱেশ
ছিংগাপুৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় টেবুল টেনিছ খেলুৱৈ মনুষ শ্বাহ আৰু মানৱ ঠক্কৰে ছিংগাপুৰ স্মাছৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰে। বিশ্ব টেবুল টেনিছত গ্ৰেণ্ড স্মাছ পৰ্যায়ৰ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় পুৰুষৰ ডাবলছৰ প্ৰথ
मनुष शाह और मानव ठक्कर की जोड़ी


ছিংগাপুৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় টেবুল টেনিছ খেলুৱৈ মনুষ শ্বাহ আৰু মানৱ ঠক্কৰে ছিংগাপুৰ স্মাছৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰে। বিশ্ব টেবুল টেনিছত গ্ৰেণ্ড স্মাছ পৰ্যায়ৰ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় পুৰুষৰ ডাবলছৰ প্ৰথম যুটি হিচাপে পৰিগণিত হয়।

ষষ্ঠ বাচনিৰ এই যুটিটোৱে বেলজিয়ামৰ মাৰ্টিন এলেগ্ৰো আৰু এড্ৰিয়ান ৰাচেনফছক ৩-০ (১১-৮, ১১-৯, ১১-৯) ব্য়ৱধানত একেৰাহে খেলত পৰাস্ত কৰে। ২৭ মিনিটৰ খেলখন চলিছিল। ভাৰতীয় যুটিটোৱে বেলজিয়ামৰ যুটিটোৰ বিৰুদ্ধে মুখামুখি অভিলেখ ২-০লৈ উন্নত কৰে। উল্লেখযোগ্য যে বেলজিয়ামৰ এই যুটিয়ে কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ ছিড যুটিটোক পৰাস্ত কৰিছিল।

শুকুৰবাৰে ছেমিফাইনেলত ভাৰতীয় যুটিটোৱে চতুৰ্থ ছিড ভাতৃদ্বয় ফেলিক্স লেব্ৰুন আৰু ফ্ৰান্সৰ এলেক্সিছ লেব্ৰুনৰ বিৰুদ্ধে খেলিব।

ইয়াৰ পূৰ্বে ষষ্ঠ বাচনিৰ ভাৰতীয় যুটি মনুষ শ্বাহ আৰু দিয়া চিতালে কোৱাৰ্টাৰ ফাইনেলত মিক্সড ডাবলছ মেচত পৰাস্ত হয়। তৃতীয় ছিড ব্ৰাজিলৰ যুটি হুগো কাল্ডেৰানো আৰু ব্ৰুনা টাকাহাছিৰ হাতত ৩-০ (১১-৬, ১১-৯, ১১-৫) ব্য়ৱধানত পৰাস্ত হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande