ভাৰতীয় ২০ বছৰ অনুৰ্ধ মহিলা দলৰ ছুইডেনৰ ক্লাব এনস্কেড আই কে ডামৰ সৈতে ড্ৰ’
নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ছুইডেনৰ লিডিংগোৰ ব’ছন নেশ্যনেল স্প’ৰ্টছ চেণ্টাৰত বুধবাৰে নিশা অনুষ্ঠিত অনুশীলন মেচত ভাৰতীয় ২০ বছৰ অনুৰ্ধ মহিলা ফুটবল দলে ছুইডেনৰ ক্লাব এনস্কেডে আই কে ডামৰ সৈতে ১-১ গ’লত ড্ৰ’ কৰে। ৪৪ মিনিটত ছিবানী দেৱী নংমেইকাপ
भारतीय अंडर 20 महिला फुटबॉल टीम


নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ছুইডেনৰ লিডিংগোৰ ব’ছন নেশ্যনেল স্প’ৰ্টছ চেণ্টাৰত বুধবাৰে নিশা অনুষ্ঠিত অনুশীলন মেচত ভাৰতীয় ২০ বছৰ অনুৰ্ধ মহিলা ফুটবল দলে ছুইডেনৰ ক্লাব এনস্কেডে আই কে ডামৰ সৈতে ১-১ গ’লত ড্ৰ’ কৰে।

৪৪ মিনিটত ছিবানী দেৱী নংমেইকাপামে ভাৰতক অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে খেলখনৰ অন্তিম মুহূৰ্তত ৮৮ মিনিটত এনস্কেডে সমতা স্থাপন কৰি ১-১ গ’লত অগ্ৰগতি লাভ কৰে।

ভাৰতৰ ২০ বছৰ অনুৰ্ধৰ মুখ্য প্ৰশিক্ষক জোৱাকিম আলেকজেণ্ডাৰছনে পূৰ্বৰ মেচৰ তুলনাত আৰম্ভণিৰ এঘাৰত ৮টা পৰিৱৰ্তন সাধন কৰে। পূৰ্বৰ খেলখনত ভাৰতীয় দলটোৱে টেবি এফ কেক ৪-০ গ’লত পৰাস্ত কৰাৰ বিপৰীতে ইয়াৰ পূৰ্বে হামাৰবি আই এফৰ বিৰুদ্ধে ০-৬ গ’লত পৰাস্ত হৈছিল।

এতিয়া ২৮ ফেব্ৰুৱাৰীত ছুইডেনৰ ক্লাব কাৰ্লবাৰ্গছ বি কেৰ বিৰুদ্ধে আন এখন অনুশীলন মেচ খেলিব ইয়ং টাইগ্ৰেছে। এই ভ্ৰমণ তেওঁলোকৰ এইবাৰ থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এ এফ চি ২০ বছৰ অনুৰ্ধ মহিলা এছিয়ান কাপৰ প্ৰস্তুতিৰ অংশ।

ভাৰতবৰ্ষৰ ২০ বছৰ অনুৰ্ধ মহিলা দল : মনালিছা দেৱী মইৰাংথেম (গ’লৰক্ষক), নিশিমা কুমাৰী (ৰেমি থোখাচোম, ৬০ মিনিট), থোইনবিছানা চানু তোইজাম, চিণ্ডী ৰেমৰুৱাটপুই কলনী, শুভাংগী সিং, পূজা, অঞ্জু চানু কায়েনপাইবাম (ভূমিকা দেৱী খুমুখম, ৬০ মিনিট), লিংগডেকিম, সুলঞ্জনা ৰাউল, ছিবানী দেৱী নংমেইকপাম (নেহা, ৬০ মিনিট), ববিতা কুমাৰী (দীপিকা পাল, ৪৬ মিনিট, শিলজী ছাজী, ৮৮ মিনিট)।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande