নিৰ্বাচনৰ প্ৰাকক্ষণত সোণাৰি পৌৰসভাত আধাৰশিলা আৰু শুভ উদ্বোধনৰ জোঁৱাৰ
চৰাইদেউ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সোণাৰি পৌৰসভাত কৰিবলগীয়া বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপনৰ লগতে সম্পূৰ্ণ হোৱা কামৰ শুভ উদ্বোধন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই উদ্দেশ্যে আজি সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগৰ উপস্থিতিত এক অনুষ্ঠান স
নিৰ্বাচনৰ প্ৰাকক্ষণত সোণাৰি পৌৰসভাত আধাৰশিলা আৰু শুভ উদ্বোধনৰ জোঁৱাৰ


নিৰ্বাচনৰ প্ৰাকক্ষণত সোণাৰি পৌৰসভাত আধাৰশিলা আৰু শুভ উদ্বোধনৰ জোঁৱাৰ


চৰাইদেউ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সোণাৰি পৌৰসভাত কৰিবলগীয়া বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপনৰ লগতে সম্পূৰ্ণ হোৱা কামৰ শুভ উদ্বোধন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই উদ্দেশ্যে আজি সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগৰ উপস্থিতিত এক অনুষ্ঠান সম্পন্ন হয়। পৌৰসভাৰ ১৬ টা ৱাৰ্ডত ২০২৪-২৫ বৰ্ষৰ নিৰ্ধাৰিত, অনিৰ্ধাৰিত আৰু নিজা পুঁজিৰে ১০১ টা কামৰ আধাৰশিলা স্থাপন কৰা হয় এই অনুষ্ঠানত।

আধাৰশিলা স্থাপন কৰা কামৰ মুঠ পুঁজি ৯ কোটি টকা। আনহাতে ইতিমধ্যে সমাপ্ত হোৱা কামৰ পুঁজি প্ৰায় ৪ কোটি ৭৩ লাখ টকা বুলি জানিবলৈ দিছে পৌৰসভা কৰ্তৃপক্ষই।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande