প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীৰ উত্তৰ ছিকিমৰ তাৰাম-চু ষ্টীল দলং উদ্বোধন
মংগন (চিকিম), ২৬ ফেব্ৰুৱাৰী (হি.স.)। প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেথে উত্তৰ ছিকিমৰ চুংথাং-লাচেন পথ অংশৰ গুৰুত্বপূৰ্ণ সংযোগ স্থাপন কৰি বৃহস্পতিবাৰে নতুনকৈ নিৰ্মাণ কৰা তাৰাম-চু ষ্টীল দলং উদ্বোধন কৰে। দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে বৃহস্পতিব
Taram chu bridge inauguration


Taram chu bridge inauguration


Taram chu bridge inauguration


মংগন (চিকিম), ২৬ ফেব্ৰুৱাৰী (হি.স.)। প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেথে উত্তৰ ছিকিমৰ চুংথাং-লাচেন পথ অংশৰ গুৰুত্বপূৰ্ণ সংযোগ স্থাপন কৰি বৃহস্পতিবাৰে নতুনকৈ নিৰ্মাণ কৰা তাৰাম-চু ষ্টীল দলং উদ্বোধন কৰে।

দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ছিকিমত উপস্থিত হয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীগৰাকী। প্ৰথম দিনাই উত্তৰ ছিকিমত নতুনকৈ নিৰ্মাণ কৰা তাৰাম-চু ষ্টীল দলং উদ্বোধন কৰে। তেওঁ হেলিকপ্টাৰেৰে সভাস্থলীত উপস্থিত হৈছিল ।

ভাষণ প্ৰসংগত সঞ্জয় ছেথে সীমান্ত পথ সংস্থা (বি আৰ অ’) আৰু সাধাৰণ সংৰক্ষিত অভিযন্তা বাহিনী (জি আৰ ই এফ)ৰ কৰ্মীসকলক প্ৰশংসা কৰে যে ভৌগোলিক জটিল পৰিস্থিতি আৰু প্ৰতিকূল বতৰৰ মাজতো কম সময়ৰ ভিতৰতে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। তেওঁ ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু ৰাজ্য চৰকাৰক অবিৰত সহায় আৰু সমন্বয়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীয়ে উল্লেখ কৰে যে এই দলঙে লাচেন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ জনসাধাৰণৰ স্বাভাৱিক জীৱন পুনৰুদ্ধাৰ কৰাত সহায় কৰিব আৰু লগতে স্পৰ্শকাতৰ সীমান্ত অঞ্চলত কৌশলগত আন্দোলন শক্তিশালী কৰিব। লগতে প্ৰকল্পটোৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত জিলা প্ৰশাসনে আগবঢ়োৱা সহযোগিতাৰ বাবে প্ৰশংসা কৰে। তেওঁ আশ্বাস দিয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ উন্নয়নমূলক লক্ষ্য পূৰণৰ বাবে দায়বদ্ধ।

ইয়াৰ পূৰ্বে আঞ্চলিক বিধায়ক তথা মন্ত্ৰী চামদুপ লেপচাই উত্তৰ ছিকিম ভ্ৰমণ কৰি বহু প্ৰত্যাশিত দলংখন উদ্বোধন কৰাৰ বাবে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ২০২৩ চনৰ অক্টোবৰ মাহত হোৱা হিমবাহ আৰু যোগাযোগৰ ওপৰত হোৱা ভয়াৱহ প্ৰভাৱৰ কথা উল্লেখ কৰে।

ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ হৈ তেওঁ জিআৰইএফ আৰু বিআৰও কৰ্মীসকলক কঠিন পৰিস্থিতিত নিষ্ঠাবান সেৱা আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে।

উল্লেখযোগ্য যে প্ৰচণ্ড বৰষুণ, ক্ষন্তেকীয়া বানপানী, ২০২৪ চনৰ জুন মাহত ঘূৰ্ণীবতাহ ৰেমাল আৰু ২০২৫ চনৰ মে’-জুন মাহৰ বিধ্বংসী ডাৱৰ বিস্ফোৰণে উত্তৰ ছিকিমৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰিছিল। তাৰাম চুৰ ওপৰত থকা পুৰণি দলংখনকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধুই পেলোৱাৰ ফলত লাচেনৰ সংযোগ ক্ষমতাত গুৰুতৰ প্ৰভাৱ পৰিছিল, পৰ্যটন, অত্যাৱশ্যকীয় যোগান, কৌশলগত কাৰ্য্যকলাপত ব্যাঘাত জন্মিছিল।

তাৰম চুৰ ওপৰত ৪০০ ফুট দীঘল বেইলী ওলমি থকা ষ্টীল দলং আৰু ২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চুংথাং-লাচেন পথৰ পুনৰুদ্ধাৰক দুৰ্যোগৰ পিছৰ পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাত এক উল্লেখযোগ্য সফলতা বুলি বিবেচিত হৈছে। উচ্চ হিমালয়ৰ পৰিস্থিতি, ভূমিকম্পৰ সংবেদনশীলতা, উচ্চ পানীৰ প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি এই দলংখনক এক শক্তিশালী আৰু টেকসই গঠন হিচাপে ডিজাইন কৰা হৈছে।

এই পুনৰুদ্ধাৰে চুংথাং আৰু লাচেনৰ মাজত জীৱনৰেখা পুনৰ স্থাপন কৰিছে, যাৰ ফলত নাগৰিক আৰু পৰ্যটকৰ মসৃণ গতিবিধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান, দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষমতা, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লজিষ্টিক শক্তিশালী কৰা হৈছে।

দলং উদ্বোধনী অনুষ্ঠানৰ অন্তত প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে নিৰ্ধাৰিত পৰ্যালোচনা বৈঠকৰ বাবে চুংথাং অভিমুখে ৰাওনা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande