ছিকিমত ৪.৬ প্ৰাবল্যৰ ভূমিকম্প, হতাহত হোৱা নাই কোনো লোক
গেংটক, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ছিকিমত বৃহস্পতিবাৰে পুৱা প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। পশ্চিম ছিকিমৰ গেইজিংত এই ভূঁইকঁপৰ কেন্দ্ৰবিন্দু আছিল আৰু ইয়াৰ মাত্ৰা ৰিখটাৰ স্কেলত ৪.৬ ৰেকৰ্ড কৰা হৈছিল। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি
Earthquake


গেংটক, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ছিকিমত বৃহস্পতিবাৰে পুৱা প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। পশ্চিম ছিকিমৰ গেইজিংত এই ভূঁইকঁপৰ কেন্দ্ৰবিন্দু আছিল আৰু ইয়াৰ মাত্ৰা ৰিখটাৰ স্কেলত ৪.৬ ৰেকৰ্ড কৰা হৈছিল।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা ১১:৩৪ বজাত এই কম্পন অনুভৱ কৰা হয়। পশ্চিম ছিকিমৰ গেইজিং জিলাত আছিল স্থলভাগৰ পৰা প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত। ইয়াৰ মাত্ৰা ৰিখটাৰ স্কেলত ৪.৬ ৰেকৰ্ড কৰা হৈছিল।

বাতৰি লিখাৰ সময়লৈকে ভূমিকম্পৰ ফলত কোনো লোক হতাহতি বা সা-সম্পত্তিৰ খবৰ পোৱা নাই। ছিকিমৰ পূব জিলাৰ লগতে উত্তৰ বংগ আৰু চুবুৰীয়া নেপালতো এই কম্পন অনুভূত হয়।

উল্লেখযোগ্য যে বিগত কেইসপ্তাহমানৰ পৰা ছিকিমত সঘনাই মৃদুৰ পৰা মধ্যমীয়া ভূমিকম্পৰ সৃষ্টি হৈছে। অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande