
কামৰূপ, ২৬ ফেব্ৰুৱাৰী (হি.স.): কামৰূপৰ পছৰীয়াত এখন আৱতৰীয়া লক্ষ্মী পূজাকলৈ উখল মাখল পৰিবেশ বিৰাজ কৰিছে । পছৰীয়া সাৰ্বজনীন শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ উদ্যোগত এইবেলিও শ্ৰীশ্ৰী লক্ষ্মী পূজা খন তিনি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ১১৪ বছৰ গৰকা আৱতৰীয়া এই শ্ৰীশ্ৰীলক্ষ্মী পূজাভাগ প্ৰতি বছৰে ফাগুণ মাহৰ শুক্ল নৱমী তিথিত পছৰীয়া অঞ্চলৰ ৰাইজে পৰম্পৰাগত ভাবে অনুষ্ঠিত কৰি আহিছে।
প্ৰবাদ মতে, প্ৰায় ১১৪ বছৰ পূৰ্বে পছৰীয়াৰ এগৰাকী কৃষকক ধন ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী দেৱীয়ে।সপোনত দেখুৱাইছিল যে তেওঁ পছৰীয়া অঞ্চলত থাকিব বিছাৰে। ইয়াৰ চিন স্বৰূপে তেওঁ এমুঠি ধানৰ ৰূপত পছৰীয়াৰ এটি বিলত আছে। এই সপোনতো ৰাজহুৱা হোৱাত পছৰীয়া অঞ্চলৰ ৰাইজে নাম প্ৰসংগ কৰি বিলৰ পৰা সপোনৰ ধান গছি আনে । পছৰীয়াৰ মধ্যস্থানত স্থাপন কৰে আৰু সেই স্থানত এটি লক্ষ্মী মন্দিৰ নিৰ্মাণ কৰে । তেতিয়াৰ পৰাই পছৰীয়া গাঁওবাসীয়ে এই পূজা ভাগ অনুষ্ঠিত কৰি আহিছে। যোৱা কালি বুধবাৰে সন্ধিয়া হাজাৰ-হাজাৰ ভক্তপ্ৰাণ ৰাইজে লক্ষ্মীদেৱীৰ প্ৰতিমা লৈ এক শোভাযাত্ৰা উলিয়ায় । পছৰীয়া সাৰ্বজনীন শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ উদ্যোগত আয়োজিভ এই পূজাক লৈ পছৰীয়াত এতিয়া এক বিৰাজ কৰিছে উৎসৱমূখৰ পৰিবেশে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ