
ধুবুৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। নিৰ্বাচনৰ পুৰ্বেই গৌৰীপুৰত এজন ব্যাক্তিৰ পৰা ১৭ লাখ টকা জব্দ আৰক্ষীয়ে। ধুবুৰীৰ পৰা বঙাইগাঁও লৈ যোৱাৰ পথতেই আৰক্ষীৰ অভিযানত আজি জব্দ কৰা হয় উক্ত টকা খিনি। লগতে আৰক্ষীয়ে এখন এএছ ১৯এম ৬৫৩৩ নম্বৰৰ এখন ৰঙা ৰঙৰ বাহন জব্দ কৰে। আৰক্ষীয়ে সোধা পোছাৰ বাবে ব্যক্তি এগৰাকীক আটক কৰি ৰাখিছে।
বৃহত অংকৰ টকাখিনি কিহৰ বাবে লৈ গৈ আছিলে তাৰ কোনো সঠিক উত্তৰ বা নথি পত্ৰ দেখুৱাব পৰা নাই ব্যক্তি গৰাকীয়ে। নিজকে ব্যৱসায়ী বুলি পৰিচয় দিছে ব্যক্তি গৰাকী। আৰক্ষীয়ে ব্যক্তি গৰাকীৰ নাম আৰু ঠিকনা বৰ্তমানো গোপনে ৰাখিছে ।
প্ৰাথমিক তদন্তত কোনো ধৰনৰ তথ্য নোপোৱাত গৌৰীপুৰ আৰক্ষীয়ে জিম্মাতেই আছে টকা আৰু আটক হোৱা ব্যক্তিজন।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু