
গোলাঘাট, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ বোকাখাতত নিশা দুস্পাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰা হৈছে ৷ বোকাখাত ম'হমাইকী গাঁৱৰ বিশ্বজিৎ হাজৰিকা নামৰ লোকজনৰ পদুলিমুখত নিশা লাজুকী বান্দৰৰ পোৱালীটো প্ৰত্যক্ষ কৰা হয়। পিছত এটা বস্তাৰে ধৰি এটা ড্ৰামট ভৰাই থয় ৷
পৰৱৰ্তী সময়ত বোকাখাত খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ উদ্ধাৰকাৰী দল আহি লাজুকী বান্দৰটোক উদ্ধাৰ কৰি লৈ যায় ৷ অৱশ্যে লাজুকি বান্দৰটো ক'ৰ পৰা কেনেকৈ সেই স্থানত ওলাল জানিব পৰা হোৱা নাই ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা