ৰঞ্জি ট্ৰফী ফাইনেলঃ জম্মু-কাশ্মীৰ ৫৮৪ ৰানত অল আউট, কৰ্ণাটক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন
হুবল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কৰ্ণাটকৰ হুবল্লীৰ কে এছ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ৰঞ্জি ট্ৰফীৰ ফাইনেলত তৃতীয় দিনা প্ৰথম ইনিংছত ৫৮৪ ৰান সংগ্ৰহ কৰি শক্তিশালী অগ্ৰগতি লাভ কৰিছে জম্মু-কাশ্মীৰ ক্ৰিকেট দলে। কৰ্ণাটক জয়ৰ এক ভয়ংকৰ লক্ষ্যৰ সন্মুখীন
Ranaji


হুবল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কৰ্ণাটকৰ হুবল্লীৰ কে এছ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ৰঞ্জি ট্ৰফীৰ ফাইনেলত তৃতীয় দিনা প্ৰথম ইনিংছত ৫৮৪ ৰান সংগ্ৰহ কৰি শক্তিশালী অগ্ৰগতি লাভ কৰিছে জম্মু-কাশ্মীৰ ক্ৰিকেট দলে। কৰ্ণাটক জয়ৰ এক ভয়ংকৰ লক্ষ্যৰ সন্মুখীন হৈছে।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ বাছি লৈ জম্মু-কাশ্মীৰে এক সুদৃঢ় প্ৰদৰ্শন আগবঢ়ায়। অ’পেনাৰ ইয়াৱাৰ হাছানে ৮৮ ৰানৰ উপযোগী ইনিংছ খেলিছিল। তিনি নম্বৰ স্থানত বেটিং কৰা শুভম পুণ্ডিৰে ১২১ ৰানৰ চমৎকাৰেৰে ইনিংছটো শক্তিশালী কৰে। অধিনায়ক পৰাস ডোগ্ৰাই ৭০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আব্দুল ছামাদে ৬১ ৰান সংগ্ৰহ কৰে।উইকেটকীপাৰ-বেটছমেন কানহাইয়া ৱাধাৱানে ৭০ ৰান সংগ্ৰহ কৰে, আৰু সাহিল লোট্ৰাই ৭৮ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। এইদৰে সমগ্ৰ জম্মু-কাশ্মীৰ দলটোৱে ৫৮৪ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল।

কৰ্ণাটকৰ হৈ বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণই উজ্জ্বল বলিং কৰি ৩৪.১ অভাৰত ৯৮ ৰানত ৫ উইকেট দখল কৰে। কিন্তু আন বলাৰসকলে আকাংক্ষিত সফলতা লাভ কৰাত ব্যৰ্থ হোৱাৰ ফলত বিপক্ষই উচ্চ মুঠ লাভ কৰিবলৈ সক্ষম হয়। জম্মু-কাশ্মীৰৰ ইনিংছ সমাপ্ত হোৱাৰ পিছতে কৰ্ণাটক ক্ৰিকেট দলে প্ৰথম ইনিংছ আৰম্ভ কৰে। তৃতীয় দিনাৰ খেলখন চলি আছে। প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰাটো কৰ্ণাটকৰ বাবে অতি গুৰুত্বপূৰ্ণ। নিয়ম অনুসৰি যদি ফাইনেল ড্ৰ’ হয় তেন্তে প্ৰথম ইনিংছত অগ্ৰগতি থকা দলটোক চেম্পিয়ন ঘোষণা কৰা হ’ব। এনে পৰিস্থিতিত খিতাপৰ প্ৰতিদ্বন্দ্বিতাত থাকিবলৈ কৰ্ণাটক ৫৮৫ ৰান লাভ কৰিব লাগিব বা অতিক্ৰম কৰিব লাগিব। প্ৰথম ইনিংছত যদি কৰ্ণাটক পিছ পৰি থাকে, তেন্তে ড্ৰ’ৰ জৰিয়তে প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ভিত্তিত জম্মু-কাশ্মীৰে খিতাপ দখল কৰিব পাৰে। এইক্ষেত্ৰত মেচখনৰ পৰৱৰ্তী দুদিন গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande