
কামৰূপ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ৰঙিয়া সমষ্টিত বিধায়ক ভবেশ কলিতাৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত । একে দিনাই ১৩টাকৈ পথ ৰাইজৰ বাবে মুকলি কৰিলে বিধায়ক ভৱেশ কলিতাই । বিধায়ক ভৱেশ কলিতাৰ নেতৃত্বত এই বিকাশৰ যাত্ৰাত অংশ ল'লে ৰঙিয়া সমষ্টিবাসীয়ে ।
বিগত তিনিটা দিনত বিধায়ক ভবেশ কলিতাই ৫২ টা পথ ৰঙিয়া বাসীৰ যাতায়তৰ বাবে মুকলি কৰিলে । উল্লেখযোগ্য যে বিধায়ক ভৱেশ কলিতাই নিৰ্বাচনৰ পূৰ্বেই পথ সমুহ ৰাইজৰ বাবে মুকলি কৰাত ৰঙিয়াৰ যাতায়ত ব্যৱস্থা সুচল হৈছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু