চামগুৰিৰ তেলিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুই যুৱক, আহত ১
চামগুৰিৰ তেলিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত দুই যুৱক,আহত এজন।
চামগুৰিৰ তেলিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুই যুৱক, আহত ১


নগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ তেলিয়াগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত থিতাতে নিহত হয় দুই যুৱক। আনহাতে আহত হয় আন এজন । নিয়ন্ত্ৰণ হেৰুৱাই ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি আন এখন ট্ৰাকত এখন চাৰিচকীয়া বাহনে প্ৰচণ্ড খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো ঘটে ।

গুৱাহাটীৰ পৰা চামগুৰি অভিমুখী বাহন আৰু যোৰহাটৰ পৰা নগাঁও অভিমুখী ট্ৰাকৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোৰ ফলত এএছ ০১ এফএছ ৫৬৭৬ নম্বৰৰ চাৰিচকীয়া বাহন খন ভাঙি চুৰমাৰ হয় । নিহত যুৱক দুজনৰ নাম মানস কলিতা আৰু দ্বিপেন কলিতা বুলি জানিব পৰা গৈছে। আনহাতে সংকটজনক অৱস্থাত সমিৰণ কলিতা নামৰ আনজন যুৱক চিকিৎসাধীন হৈ আছে । তিনিওজনৰে ঘৰ নলবাৰীৰ ঘাগ্ৰাপাৰাত বুলি জানিব পৰা গৈছে ।ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্ত দুয়োখন বাহন খন উদ্ধাৰ কৰাৰ লগতে সংকটজনক অৱস্থাত থকা যুৱক জনক অধিক চিকিৎসাৰ বাবে এনএমচিএইচলৈ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande