

দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এক ছাদৰ তলত সমন্বিত পুনর্বাসন সেৱা
কোকৰাঝাৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। জিলা খনত অন্তৰ্ভুক্তিমূলক স্বাস্থ্য ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি কোকৰাঝাৰৰ RNB Civil Hospitalত প্ৰধান মন্ত্ৰী দিব্যাংশ বৈয়োশ্ৰী কেন্দ্ৰ (PMD-VK) আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জিলা উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কেন্দ্ৰটো উদ্বোধন কৰে। অনুষ্ঠানত গোঁসাইগাঁও মহকুমাৰ মহকুমাধিপতি (সাধাৰণ) লৌৰেমবাম নেলচন মাংগাংচা, Artificial Limbs Manufacturing Corporation of India (ALIMCO)ৰ জ্যেষ্ঠ বিষয়াসকল, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
উদ্বোধনী ভাষণত জিলা উপায়ুক্তই কয় যে এই কেন্দ্ৰ স্থাপন কোকৰাঝাৰ জিলাৰ বাবে এক উল্লেখযোগ্য মাইলৰ ফলক। তেওঁ কয়, “এই কেন্দ্ৰই দিব্যাংগ ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকসকলৰ মৰ্যাদা, স্বাৱলম্বিতা আৰু অন্তৰ্ভুক্তিক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াত পৰামৰ্শ সেৱা, বাক্-চিকিৎসা আৰু বিশেষজ্ঞ চিকিৎসা পৰামৰ্শসহ সমন্বিত পুনৰ্বাসন ব্যৱস্থা একে ঠাইতে উপলব্ধ হ’ব, যাৰ ফলত কোকৰাঝাৰ আৰু কাষৰীয়া অঞ্চলৰ হিতাধিকাৰীয়ে একেখন ছাদৰ তলত সকলো সেৱা লাভ কৰিব পাৰিব।”
আগন্তুক বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত ভোটগ্ৰহণ কেন্দ্ৰ সমূহত হুইলচেয়াৰ ব্যৱস্থা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ঘৰতেই ভোটদান সুবিধা নিশ্চিত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত ৩৫ গৰাকী নিৰ্বাচিত হিতাধিকাৰীৰ মাজত ত্ৰাই চাইকেল, হুইলচেয়াৰ, শ্ৰৱন যন্ত্ৰ আদি সহায়ক সামগ্ৰী বিতৰণ কৰা হয়।
উল্লেখযোগ্য যে কোকৰাঝাৰত স্থাপিত এই কেন্দ্ৰখন অসমৰ চতুৰ্থ প্ৰধান মন্ত্ৰী দিব্যাংশ বৈয়োশ্ৰী কেন্দ্ৰ। কেন্দ্ৰটো ভাৰত চৰকাৰৰ সমাজ ন্যায় আৰু অধিকাৰিতা মন্ত্ৰালয়ৰ অধীনত ALIMCOৰ জৰিয়তে ৰূপায়িত “Assistance to Disabled Persons (ADIP) Scheme” আৰু “Rashtriya Vayoshri Yojana (RVY)”ৰ আওতাত যোগ্য হিতাধিকাৰীৰ বাবে স্থানীয়ভাৱে মূল্যায়ন, ফিটমেণ্ট আৰু উচ্চ মানদণ্ডৰ সহায়ক সঁজুলি বিনামূলীয়াকৈ প্ৰদান কৰাৰ উদ্দেশ্যে স্থাপন কৰা হৈছে।
জিলাখনত এই কেন্দ্ৰ স্থাপনৰ প্ৰচেষ্টা যোৱা বছৰৰ নৱেম্বৰ মাহত তদানীন্তন জিলা উপায়ুক্ত মাসাণ্ডা এম. পাৰ্টিনৰ উদ্যোগত আৰম্ভ হৈছিল। গোঁসাইগাঁও মহকুমাধিপতি (সাধাৰণ) আৰু বিটিচিৰ স্বাস্থ্য বিষয়ক কাৰ্যবাহী সদস্য দেৰহাসাত বসুমতাৰীৰ সহযোগিতাত এই প্ৰচেষ্টা আগবঢ়োৱা হৈছিল, যিয়ে জিলাখনত অন্তৰ্ভুক্তিমূলক কল্যাণ ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰশাসনৰ দীৰ্ঘম্যাদী অংগীকাৰ প্ৰতিফলিত কৰে।
অনুষ্ঠানত ALIMCOৰ অপাৰেচনেল ফিল্ড জেনেৰেল মেনেজাৰ অজয় চৌধুৰী, উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱস্থাপক এছ. সেনগুপ্ত, জুনিয়ৰ মেনেজাৰ সঞ্জীৱ কুমাৰ হাজোৱাৰী, প্ৰস্থেটিকছ আৰু অৰ্থোটিকছ বিশেষজ্ঞ ডাঃ আব্দুৰ ৰেহমান উপস্থিত থাকে। ইয়াৰ উপৰিও কোকৰাঝাৰৰ স্বাস্থ্য সেৱাৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডাঃ নীলু ব্ৰহ্ম, যুটীয়া সঞ্চালক ডাঃ মনোমোহন মৰাল, আৰু RNB Civil Hospitalৰ অধীক্ষক ডাঃ ৰতন ৰামছিয়াৰী সহ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগৰ আন বিষয়াসকল, হিতাধিকাৰী আৰু চিকিৎসালয় কৰ্মচাৰীসকলেও উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ