
লখিমপুৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ভুমি পট্টা প্ৰদানৰ দাবীত বিহপুৰীয়া গোঁসাইচুকত আজি প্ৰতিবাদী কাৰ্যসূচী ৷ শতাধিক বছৰ গৰকাৰ পিছতো বিহপুৰীয়া সমীপৰ বৃহত্তৰ গোঁসাইচুক বাসীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই ভুমি পট্টা ৷ গঁঞা ৰাইজে বিভাগীয় কতৃপক্ষক বহু আবেদন নিবেদন কৰাৰ পিছতো কোনো সুফল পাবলৈ সক্ষম হোৱা নাই ৷
এনে এক জটিল পৰিস্থিতিত ভুমি পট্টা প্ৰদানৰ দাবী তুলি ৰাইজ ওলাই আহিল ৰাজপথলৈ ৷ৰাইজৰ দাবী আমাক ভূমি পট্টা প্ৰদান কৰিবই লাগিব ৷এনে পৰিপ্ৰেক্ষিপ্ততে গোঁসাইচুক বাসীয়ে এইবাৰ বৰ্জন কৰিব সমষ্টিটোৰ বাহিৰা প্ৰাৰ্থীক ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ