
কামৰূপ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । নামনি অসমৰ অন্যতম ঐতিহ্যমণ্ডিত পলাশবাৰী সমষ্টিতো আৰম্ভ হৈছে নিৰ্বাচনী ততপৰতা। নির্বাচনৰ দিন ঘোষণা হোৱাৰ পূর্বে আকর্ষণীয় হৈ উঠিছে পলাশবাৰী বিধানসভা সমষ্টিৰ নির্বাচনকেন্দ্ৰিক যুঁজ। পলাশবাৰী সমষ্টিত বিজেপিৰ ভিতৰচ’ৰাত তুংগত উঠিছে টিকটকেন্দ্ৰিক যুঁজ। টিকটক কেন্দ্ৰ কৰি অগপ আৰু বিজেপিৰ মাজতো আৰম্ভ হৈছে সংঘাত। পলাশবাৰী সমষ্টিত বিৰোধী শিবিৰো পিছ পৰি থকা নাই।
উল্লেখ্য যে ২৯ নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিত ৰাজনৈতিক নেতাসকলৰ পূৰ্ণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। শাসকীয় দলৰ পৰা এইবাৰ কোন হ'ব পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী তাক লৈয়ে চলিছে সৰৱ চৰ্চা। সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বিৰুদ্ধে গেৰুৱা বাহিনীৰ ভিতৰ চৰাত তীব্ৰ ক্ষোভ তথা অসন্তুষ্টি দেখা দিছে। আনহাতে বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই এইবাৰো টিকট তেওঁ পাব বুলি বিশ্বাস ব্যক্ত কৰিছে। ইয়াৰ বিপৰীতে বিধায়কগৰাকীৰ বিৰুদ্ধে স্বজন তোষন, প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰো অভিযোগ আছে। তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে যুৱ ব্যৱসায়ী হিমাংশু শেষৰ বৈশ্য, যুৱ নেতা অনুপ মেধিয়েও তৎপৰতা চলাই গৈছে।
ইফালে ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা তথা যুৱ নেত্ৰী আয়ুস্মিতা ডেকা আৰু হাজোৰ বিধায়ক সুমন হৰিপ্ৰিয়াই সমষ্টিটোত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাত আকৰ্ষণীয় হৈ পৰিছে পলাশবাৰী সমষ্টিৰ নিৰ্বাচনী যুঁজখন। আনহাতে সমষ্টি পুনৰ গঠনত ছয়গাঁও সমষ্টি হেৰুৱাই সমষ্টিটোৰ পূৰ্বৰ বিধায়ক কমলা কলিতাই এইবাৰ পলাশবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে। ইয়াকে লৈ সমষ্টিটোত অগপ-বিজেপিৰ মিত্ৰজোটৰ মাজতো আৰম্ভ হৈছে টিকট কেন্দ্ৰিক সংঘাত। এসময়ত অগপৰ দুৰ্গ হিচাপে পৰিগণিত পলাশবাৰীত এইবাৰ নিৰ্বাচন খেলিবই বুলি ডা. কমলা কলিতাই দৃঢ়তাৰে ব্যক্ত কৰিছে। ইফালে শাসকীয় দলটোৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজত চলি থকা খণ্ড যুদ্ধৰ ফলতো আকৰ্ষণীয় হৈ পৰিছে সমষ্টিটোৰ নিৰ্বাচনী যুঁজখন। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি থৈ গৈছে যে যদি হিমাংশু শেষৰ বৈশ্য আৰু হেমাংগ ঠাকুৰীয়াৰ মাজত কাজিয়া তীব্ৰতৰ হলে দলে তৃতীয় এগৰাকী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব পাৰে। এইক্ষেত্ৰত ৰাজ্যপাল দুহিতা আয়ুষ্মিতা ডেকাই টিকট পাব পাৰে। অৱশ্যে ২৯ নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিত বহিৰাগত প্ৰাৰ্থীৰ বিৰুদ্ধে সৰব হৈ পৰিছে একত্ৰিত যুৱ পৰিষদৰ মুখ্য উপদেষ্টা বিদ্যুৎ কলিতা।
আনহাতে সমষ্টিটোত কংগ্ৰেছৰ প্ৰচাৰ একেবাৰে স্তিমিত হোৱা পৰিলক্ষিত হৈছে। মাজে মাজে কংগ্ৰেছৰ হৈ মুনমী দত্তৰ দুই এখন পোষ্টাৰ দেখিবলৈ পোৱা গৈছে। পূৰ্বতে পলাশবাৰী সমষ্টিটোত কংগ্ৰেছৰ হৈ নৱ তালুকদাৰ নাম চৰ্চালৈ আহিছিল। ইফালে অসম জাতীয় পৰিষদৰ পংকজ লোচন গোস্বামীয়ে পূৰ্বতেও এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু এইবাৰো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । একেদৰে তৃণমূল কংগ্ৰেছৰ বিকাশ মেধিয়ে ঠায়ে ঠায়ে পোষ্টাৰ মাৰিছে আৰু সক্ৰিয়তা প্ৰদান কৰিছে।
মন কৰিবলগীয়া যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পলাশবাৰী সমষ্টিত জনগাথনি যথেষ্ট পৰিৱৰ্তন হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিলে পলাশবাৰী সমষ্টিৰ মানচিত্ৰ। সমষ্টিটোত নতুনকৈ সংযোজন কৰা হৈছে ছয়গাঁও,পঃ গুৱাহাটী সমষ্টিৰ ছখন গাঁও পঞ্চায়ত। দুটা সমষ্টিৰ ৬ খন গাঁও পঞ্চায়ত সংযোগ হোৱাৰ লগে লগে সলনি হৈছে সমষ্টিটোৰ মানচিত্ৰ। পলাশবাৰী সমষ্টিত ৰাণী, সজ্জন পাৰা জনজাতীয় অধ্যুষিত এলেকা অন্তৰ্ভূক্ত হৈছে। ইযাৰ ফলত ইয়াৰ জনগাথনি যথেষ্ট সলনি হৈছে। ৰাণী পূৰ্বতে পশ্চিম গুৱাহাটী সমষ্টিত অধীনত আছিল।
পলাশবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,১৫,৪৮৯গৰাকী। পলাশবাৰী সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ১,৫২,৪২গৰাকী। একেদৰে পলাশবাৰী সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা ১,১০,২৪৯গৰাকী। ইফালে সমষ্টিটোত ৰাভা জনগোষ্ঠীৰ ২৮ হেজাৰৰো অধিক ভোটাৰ আছে। কোচ ৰাজবংশীৰ ভোটাৰ প্ৰায় ৬৯ হেজাৰ, বড়ো জনগোষ্ঠীৰ প্ৰায় ৫৫৫০ গৰাকী ভোটাৰ, অনুসূচীত জাতিৰ প্ৰায় ১১৫০০ ভোটাৰ, বেংগলী সম্প্ৰদায়ৰ প্ৰায় ৪৫০০ ভোটাৰ, গাৰো জনগোষ্ঠীৰ প্ৰায় দুহেজাৰ ভোটাৰ, হিন্দীভাষীসকলৰ প্ৰায় ২৫০০ ভোটাৰ আৰু সংখ্যালঘূ সম্প্ৰদায়ৰ প্ৰায় ২৫ হেজাৰ ভোটাৰ আছে।
শাসকীয় দলটোৰ ভিতৰতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক মতানৈক্য, এসময়ত অগপৰ দুৰ্গ হিচাপে পৰিগণিত সমষ্টিটোত মিত্ৰজোটৰ মাজৰ টিকট কেন্দ্ৰিক সংঘাত তথা বহিৰাগত প্ৰাৰ্থীক লৈ চলি থকা চৰ্চাই পলাশবাৰী সমষ্টিটোত কোনে শেষ হাঁহি মাৰিব সেয়া চাবলৈ লক্ষণীয় হৈ পৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া