
হোজাই, ২৬ ফেব্ৰুৱাৰী (হি.স.): বিন্নাকান্দিত আৰম্ভ হৈছে প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাত । ডবকাত ৰকিবুল হুছেইনৰ বিৰুদ্ধে যোৱা কালি বুধবাৰে বিয়লি কংগ্ৰেছ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডবকাত ৰকিবুল হুছেইনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে একাংশ ক্ষুব্ধ কংগ্ৰেছীয়ে।
বিন্নাকান্দি সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াৰ খবৰ প্ৰকাশ পোৱাৰ পাছত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল । বিন্নাকান্দি সমষ্টিত অজাপৰ প্ৰার্থী ৰেজাউল কৰিমৰ নাম প্ৰায় নিশ্চিত হৈছে । ফলত কংগ্ৰেছৰ টিকট প্ৰত্যাশী ৰেহান উদ্দিনৰ সমৰ্থকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ আৰম্ভ কৰিছে ।বিশেষকৈ ৰকিবুলৰ হুছেইনৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ কংগ্ৰেছৰ কৰ্মীসকলে। ৰকিবুল হুছেইনৰ বাবেই বিগত ২০ বছৰ ধৰি সমষ্টিটোৰ কংগ্ৰেছীসকল বঞ্চিত হোৱাৰ অভিযোগ উঠিছে । আজমলৰ সৈতে গোপন মিতিৰালি কৰি বিন্নাকান্দি সমষ্টি এৰি দিয়াৰ অভিযোগ আনিলে ৰকিবুলৰ বিৰুদ্ধে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ