ইজৰাইলৰ প্ৰযুক্তি প্ৰদৰ্শনী পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ, উদ্ভাৱনৰ অংশীদাৰিত্বক ভৱিষ্যতৰ চাবিকাঠি বুলি অভিহিত
নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেৰুজালেমত এখন বিশেষ প্ৰযুক্তি প্ৰদৰ্শনী পৰিদৰ্শন কৰে। ইজৰাইলৰ অত্যাধুনিক উদ্ভাৱনসমূহ কৃষি, পানী, জলবায়ু, স্বাস্থ্য, কৃত্ৰিম বুদ্ধ
यरुशलम में प्रौद्योगिकी प्रदर्शनी का अवलोकन करते प्रधानमंत्री नरेन्द्र मोदी और इजराइल के प्रधानमंत्री बेंजामिन नेतन्याहू।


यरुशलम में प्रौद्योगिकी प्रदर्शनी का अवलोकन करते प्रधानमंत्री नरेन्द्र मोदी और इजराइल के प्रधानमंत्री बेंजामिन नेतन्याहू।


নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেৰুজালেমত এখন বিশেষ প্ৰযুক্তি প্ৰদৰ্শনী পৰিদৰ্শন কৰে। ইজৰাইলৰ অত্যাধুনিক উদ্ভাৱনসমূহ কৃষি, পানী, জলবায়ু, স্বাস্থ্য, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম, মহাকাশকে ধৰি কেইবাটাও ক্ষেত্ৰত প্ৰদৰ্শিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই প্ৰযুক্তিসমূহে ভাৰত-ইজৰাইলৰ উদ্ভাৱন অংশীদাৰিত্বক নতুন উচ্চতালৈ উন্নীত কৰিব পাৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি ২৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া অনুষ্ঠিত হোৱা প্ৰদৰ্শনীত আগশাৰীৰ কোম্পানী, ষ্টাৰ্ট-আপ, গৱেষণা প্ৰতিষ্ঠানসমূহে নিজৰ শেহতীয়া প্ৰযুক্তি প্ৰদৰ্শন কৰে।প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানী, টেক উদ্যোগী, আৰু চিইঅ’সকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰে আৰু তেওঁলোকৰ প্ৰযুক্তিৰ কাম-কাজ বুজি পায়।

এই প্ৰদৰ্শনীত কোৱাণ্টাম আৰু ডিপ টেক ক্ষেত্ৰত কোৱাণ্টাম কম্পিউটিঙৰ ওপৰত ভিত্তি কৰি সমাধান প্ৰদৰ্শন কৰা হয়। স্বাস্থ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত এআই ভিত্তিক আল্ট্ৰাছাউণ্ড প্ৰযুক্তি উপস্থাপন কৰা হৈছিল, যিয়ে ৰোগীৰ নিদানৰ ক্ষেত্ৰত বাস্তৱ সময়ৰ নিৰ্দেশনা প্ৰদান কৰিছিল। এআই ভিত্তিক বিপদ চিনাক্তকৰণ আৰু ভৱিষ্যতৰ ধাৰা বিশ্লেষণৰ বাবে সঁজুলিসমূহো প্ৰদৰ্শন কৰা হৈছিল।

স্মাৰ্ট মবিলিটি খণ্ডত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লক্ষ্যৰে চেন্সৰ আৰু চিপ প্ৰযুক্তি প্ৰদৰ্শন কৰা হৈছিল। চাইবাৰ সুৰক্ষা খণ্ডত উন্নত ডিজিটেল সুৰক্ষা সমাধান আৰু ভাৰতৰ সৈতে সহযোগিতাৰ সৈতে জড়িত উদ্ভাৱনসমূহ উপস্থাপন কৰা হয়।

জল আৰু কৃষি খণ্ডত বহনক্ষমতা ভিত্তিক প্ৰযুক্তিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছিল। ইয়াৰ ভিতৰত আছিল বায়ুৰ পৰা খোৱাপানী উৎপাদনৰ প্ৰযুক্তি, মাধ্যাকৰ্ষণ ভিত্তিক ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা, আৰু বিদ্যুৎ অবিহনে চপোৱাৰ পিছৰ লোকচান হ্ৰাস কৰাৰ সমাধান। জলবায়ু আৰু জৈৱ প্ৰযুক্তি খণ্ডত লেবত উৎপাদিত গাখীৰৰ প্ৰটিন, মাইক্ৰ’এলজি ভিত্তিক উৎপাদন, জৈৱ ভিত্তিক প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰযুক্তিও প্ৰদৰ্শন কৰা হৈছিল।

শক্তি আৰু প্ৰাকৃতিক সম্পদ খণ্ডত খনিজ সম্পদৰ মূল্যায়নৰ বাবে উচ্চ নিখুঁত মডেলিং কৌশল প্ৰদৰ্শন কৰা হৈছিল। মহাকাশ খণ্ডত সৰু সৰু যোগাযোগ উপগ্ৰহ আৰু কৃত্ৰিম এপাৰচাৰ ৰাডাৰ প্ৰযুক্তি প্ৰদৰ্শন কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অত্যাধুনিক প্ৰযুক্তিসমূহে ভাৰত আৰু ইজৰাইলৰ মাজত উদ্ভাৱন, ষ্টাৰ্ট-আপ আৰু ব্যৱসায়িক অংশীদাৰিত্ব সম্প্ৰসাৰণৰ যথেষ্ট সম্ভাৱনা আছে। তেওঁ বিশেষকৈ কৃষি, পানী ব্যৱস্থাপনা, স্বাস্থ্যসেৱা, আৰু ডিজিটেল সেৱাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ইজৰাইলৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ, উৎপাদন ইউনিট স্থাপন কৰিবলৈ আৰু প্ৰযুক্তিৰ অংশীদাৰিত্ব গঢ়ি তুলিবলৈ আমন্ত্ৰণ জনায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande