মোডীৰ ইজৰাইলৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ
নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জ’গৰ সৈতে বৃহস্পতিবাৰে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ভাৰত-ইজৰাইলৰ বিশেষ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীয়ে অটল সহায় আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্
प्रधानमंत्री राष्ट्रपति से मुलाकात करते हुए


प्रधानमंत्री याद वाशेम में


নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জ’গৰ সৈতে বৃহস্পতিবাৰে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ভাৰত-ইজৰাইলৰ বিশেষ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীয়ে অটল সহায় আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই শিক্ষা, ষ্টাৰ্ট-আপ, উদ্ভাৱন, প্ৰযুক্তি, আৰু সংযোগৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায় অন্বেষণ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃৰ নামত এজোপা গছ পদক্ষেপৰ অংশ হিচাপে ৰাষ্ট্ৰপতি উদ্যানত এজোপা গছ ৰোপণ কৰিছিল । প্ৰধানমন্ত্ৰীয়ে অদূৰ ভৱিষ্যতে ৰাষ্ট্ৰপতি হাৰ্জোগক ভাৰত ভ্ৰমণলৈও আমন্ত্ৰণ জনায় । ৰাষ্ট্ৰপতি হাৰ্জোগে টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে ভাৰত আৰু ইজৰাইলৰ জনসাধাৰণ একেলগে অধিক শক্তিশালী ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব হ’ল’কাষ্ট স্মৃতি কেন্দ্ৰ যাদ ভাশ্বেম পৰিদৰ্শন কৰিছিল । এয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বিতীয়বাৰৰ বাবে যাদ ভাশ্বেম ভ্ৰমণ । প্ৰধানমন্ত্ৰীয়ে হ’ল’কাষ্টৰ নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হ’ল’কাষ্টৰ সময়ত নিহত লাখ লাখ লোকৰ স্মৃতি সংৰক্ষণ কৰি ৰখা বুক অৱ নেমছ হল পৰিদৰ্শন কৰে। এই স্মৃতিসৌধে অতীতৰ নিষ্ঠুৰতা আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দি এখন উন্নত পৃথিৱী গঢ়ি তোলাৰ সংকল্পৰ সোঁৱৰণী হিচাপে কাম কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande