বিধানসভা নিৰ্বাচনঃ নৱগঠিত টিহু বিধানসভা সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰীৰ বিশেষ তৎপৰতা
বাক্সা, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । নৱগঠিত টিহু বিধানসভা সমষ্টিতো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তৎপৰতা আৰম্ভ হৈছে । উল্লেখ
নিৰ্বাচনী ৰাজনীতি


বাক্সা, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । নৱগঠিত টিহু বিধানসভা সমষ্টিতো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তৎপৰতা আৰম্ভ হৈছে ।

উল্লেখ্য যে পূৰ্বৰ পাটাছাৰকুছি, বৰমা, ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী সমষ্টিৰ কিছু অংশ লগ লাগি গঠিত হৈছে ৪০ নং টিহু বিধানসভা সমষ্টি ।

পূৰ্বৰ পাটাছাৰকুছি সমষ্টিৰ টিহু নগৰকে ধৰি জলখানা-ভঠুৱাখানা গাঁও পঞ্চায়ত, মাখিবাহা গাঁও পঞ্চায়ত আৰু মথুৰাপুৰ গাঁও পঞ্চায়তক সামৰি আৰু বৰমা সমষ্টিৰ পশ্চিম নামবৰভাগ গাঁও পঞ্চায়ত, পূব নামবৰভাগ গাঁও পঞ্চায়ত আৰু নাথকুছি গাঁও পঞ্চায়তৰ অন্তৰ্ভূক্তিৰ লগতে ধৰ্মপুৰ সমষ্টিৰ ভালেখিনি অংশ আৰু বৰক্ষেত্ৰী সমষ্টিৰ কিছু অংশ সংলগ্ন কৰি টিহু সমষ্টি গঠন কৰিছে নিৰ্বাচন আয়োগে ।

জানিব পৰা অনুসৰি শাসকীয় বিজেপিৰ দলৰ হৈ প্ৰাক্তন মন্ত্ৰী তথা বি টি চিৰ সদস্য ৰেখাৰাণী দাস বড়ো, অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক ত্ৰিনয়ন বৰ্মন, দলীয় মুখপত্ৰ দেৱজিৎ মহন্ত, ৰাজ্যিক সদস্য শৈলেন কলিতা আদিয়ে দলটোৰ টিকট পোৱাৰ আশাৰে কুচকাৱাজ আৰম্ভ কৰিছে ।

ইপিনে ধৰ্মপুৰ সমষ্টি বিলুপ্ত হোৱাত সমষ্টিটোৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱগঠিত টিহু সমষ্টিত পূৰ্বৰ ধৰ্মপুৰ এলেকাৰ উপৰিও নতুনকৈ সংলগ্ন হোৱা টিহু এলেকাৰ কেইবাটাও স্থানৰ সভা-সমিতিত অংশ লোৱা দৃষ্টিগোচৰ হৈছে । অৱশ্যে এইক্ষেত্ৰত বিজেপিয়ে কাক দলীয় প্ৰাৰ্থিত্ব আগবঢ়াব, সেইটো সময়ত লক্ষণীয় হ’ব ।

আনহাতে অগপৰ হৈ দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা নাট্যকৰ্মী দিলীপ দাসেও দলটোৰ টিকটৰ আশা পুহি সাংগঠনিক ভেটি সবল কৰাৰ ক্ষেত্ৰত উঠি-পৰি লাগি থকা বুলিও জানিব পৰা গৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনত কেইবাগৰাকীও নতুন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব আগবঢ়াব বুলি ইতিমধ্যে সদৰি কৰিছে যদিও বিজেপি-অগপ মিত্ৰজোঁটত থকা হেতু দলটোৱে সমষ্টিটোত কি ধৰণৰ পদক্ষেপ লয়, সেইটো সময়ত পোহৰলৈ আহিব ।

প্ৰণিধানযোগ্য যে নৱগঠিত টিহু সমষ্টিত সম্প্ৰতি ২,০৪,৪৪১ গৰাকী ভোটাৰে আগন্তুক নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰে পুৰুষ ভোটাৰ ১,০৪,৭১৫ জন, মহিলা ভোটাৰ ৯৯,৭২৫ গৰাকী আৰু এজন তৃতীয় লিংগৰ ব্যক্তি আছে ৷ ৪০ নং টিহু বিধানসভা সমষ্টি যিহেতু নৱগঠিত সমষ্টি, সেয়েহে ইয়াৰ জনসাধাৰণে নৱপ্ৰজন্মৰ ব্যক্তি হোৱাৰ লগতে টিহুৰ লগত জড়িত হোৱা প্ৰাৰ্থীকহে নিৰ্বাচিত কৰিব বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে নামনি অসমৰ অন্যতম বাণিজ্য নগৰী হিচাপ পৰিচিত নলবাৰী জিলা অন্তৰ্গত টিহু সমষ্টিত কোনে শেষ হাঁহি মাৰিব সেয়া আগন্তুক ৰঙালী বিহুৰ পিছতহে স্পষ্ট হৈ পৰিব ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande