নিউজিলেণ্ডৰ আকৰ্ষণীয় জয়, টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বাহিৰ শ্ৰীলংকা
কলম্বো, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ মেচত নিউজিলেণ্ডে শ্ৰীলংকাক ৬১ ৰাণত পৰাস্ত কৰে। এই জয়েৰে নিউজিলেণ্ডে ছেমি ফাইনেলৰ আশা জীয়াই ৰাখিলে, আনহাতে সহ-আয়োজক শ্ৰীলংকাই প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ল।
न्यूजीलैंड की दमदार जीत, श्रीलंका टी20 वर्ल्ड कप 2026 से बाहर

প্ৰথমে বেটিং কৰা নিউজিলেণ্ডে ২০ অভাৰত ১৬৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে শ্ৰীলংকাই আবণ্টিত অভাৰত মাত্ৰ ১০৭ ৰানহে মেনেজ কৰিবলৈ সক্ষম হৈছিল আৰু মেচখনত ৬১ ৰানত পৰাস্ত হৈছিল।

শ্ৰীলংকাৰ ঘৰুৱা সপোন ছিন্নভিন্ন

ভাৰতৰ সৈতে এই টি-২০ বিশ্বকাপৰ সহ-আয়োজক শ্ৰীলংকাই ঘৰুৱা মাটিত খিতাপ জয় কৰাৰ সপোন দেখিছিল যদিও নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ে তেওঁলোকৰ আশাক ম্লান কৰি পেলালে। কামিন্দু মেণ্ডিছ আৰু ডুনিথ ৱেলালেজৰ বাহিৰে আন কোনো বেটছমেনে উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে। নিয়মীয়া ব্যৱধানত উইকেট পৰিল, যাৰ ফলত দলটোৱে চাপ সহ্য কৰিব নোৱাৰিলে। ইনিংছৰ প্ৰথমটো বলত শ্ৰীলংকাই ডাঙৰ আঘাতৰ সন্মুখীন হয় যেতিয়া মেট হেনৰীয়ে পাথুম নিছাংকাক ক্লিন বল্ড কৰে। ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি অহা নিছাংকাৰ উইকেটেই মেচখনৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হয়।

ছান্টনাৰৰ অধিনায়কত্ব ইনিংছ

নিউজিলেণ্ডৰ আৰম্ভণি দুৰ্বল আছিল, ৮৪ ৰানত ৬ উইকেট হেৰুৱাইছিল। এনে কঠিন পৰিস্থিতিত মিচেল ছাণ্টনাৰে ২৬টা বলত ৪৭ ৰানৰ সুন্দৰ ইনিংছ খেলিছিল। তেওঁ ক’ল মেককনচিৰ সৈতে ৮৪ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি দলটোক ১৬৮ ৰানৰ সন্মানজনক স্ক’ৰলৈ লৈ যায়।

ৰচিন ৰবীন্দ্ৰৰ অল ৰাউণ্ড ব্ৰিলিয়েন্স

ৰাচিন ৰবিন্দ্ৰৰ বলিং প্ৰদৰ্শনে শ্ৰীলংকাৰ ককাল ভাঙি পেলালে। তেওঁ ৪ অভাৰত ২৭ ৰানত ৪ উইকেট দখল কৰে। তেওঁ কুছাল মেণ্ডিছ, পৱন ৰত্নায়কে, অধিনায়ক দছুন শনাকা, আৰু দুষান হেমন্তক আউট কৰে। ইয়াৰ পূৰ্বে ৰবীন্দ্ৰে ৩২ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

নিউজিলেণ্ডৰ অল ৰাউণ্ড জয়ে প্ৰতিযোগিতাখনৰ উত্তেজনা বৃদ্ধি কৰিছে। শ্ৰীলংকাৰ যাত্ৰা সমাপ্ত হোৱাৰ বিপৰীতে এতিয়া নিউজিলেণ্ড ছেমি ফাইনেলৰ দৌৰত দৃঢ়তাৰে আগবাঢ়ি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande