
গোলাঘাট, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাটৰ এখন বিদ্যালয় চৰকাৰি ভাবে বন্ধ হৈ পৰাৰ পিছত বৰ্তমান ইয়াৰ ভৱনতে গঢ়লৈ উঠিল আন এক সাংস্কৃতিক অনুষ্ঠানৰ। ১৯২৮ চনত গোলাঘাটৰ ৰূপকলীয়া চাৰিআলিৰ সমীপত স্থাপিত এইখন গজলা সত্ৰৰ প্ৰাথমিক বিদ্যালয় ৷ শেহতীয়াকৈ বিদ্যালয় সমূহৰ একত্ৰিকৰণৰ বাবে আনবোৰৰ দৰে উক্ত বিদ্যালয় খন ২০২৩ চনত বন্ধ হৈ পৰে ৷
তিনিবছৰ ধৰি বিদ্যালয় খনত নিমাওমাও পৰিবেশ হোৱাৰ পিছত আজি শুভাৰম্ভ কৰা হয় ৷ মীনা মহন্ত আৰু শৰৎ মহন্তই তেওঁলোকৰ পিতৃমাতৃৰ নাম যুগমীয়া কৰিবৰ বাবে দণ্ডধৰ মহন্ত -প্ৰতিমা মহন্তৰ নামত সুন্দৰকৈ সজাই পৰাই তুলিলে সংগীত মহাবিদ্যালয় খন ৷ আজি এই উদ্দেশ্যে যদু মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা উপায়ুক্ত ; আৰক্ষী অধীক্ষক , আইজিপি পাৰ্থসাৰথী মহন্তকে ধৰি বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে ৷ এক সত্ৰীয়া নৃত্যৰ মাজতে অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগ তথা নগালেণ্ড গ্লৱেল ইউনিভাৰ্চিটিৰ প্ৰাক্তন উপাচাৰ্য্য হেমেন্দ্ৰনাথ দত্তই এটি পুৰণা গীতেৰে ৰাইজৰৰ প্ৰশংসা লাভ কৰে ৷ অৰুণ মহন্তই আঁতধৰা অনুষ্ঠানত বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু