নাজিৰাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
শিৱসাগৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। নাজিৰাৰ নামতি আৰক্ষীৰ বৃহৎ সফলতা। নিশা নিয়মীয়া তালাচীৰ সময়ত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। দুজনকৈ গাঞ্জা সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰা হই এখন চুইফ্ট বাহন। জানিব পৰা মতে যোৰহাট টিয়কৰ পৰা নাজিৰা অভিমুখে এখন বগা ৰ
নাজিৰাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ


শিৱসাগৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। নাজিৰাৰ নামতি আৰক্ষীৰ বৃহৎ সফলতা। নিশা নিয়মীয়া তালাচীৰ সময়ত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।

দুজনকৈ গাঞ্জা সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰা হই এখন চুইফ্ট বাহন। জানিব পৰা মতে যোৰহাট টিয়কৰ পৰা নাজিৰা অভিমুখে এখন বগা ৰঙৰ চুইফ্ট বাহনত গাঞ্জা লৈ আহি থকাৰ খবৰৰ এক গোপন সূত্ৰৰ পৰা লাভ কৰা পাছতেই নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভুবন জ্যোতি গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ঐতিহাসিক ধোদৰ আলিত যানবাহন সমূহ তালাচী চলাই জব্দ কৰে গাঞ্জা খিনি ।

আৰক্ষীয়ে আটক কৰা লোক দুজনক টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত বামুন পুখুৰী বৰা গাঁৱৰ হেমন্ত বৰা আৰু টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত খাৰঘৰীয়া গাঁৱৰ বিশ্বজ্যোতি ফুকন বুলি জানিব পৰা গৈছে। আটক কৰা লোক দুজনৰ পৰা নামতি আৰক্ষীয়ে ১.৫৩৭ কিলোগ্ৰাম সন্দেহজনক গাঞ্জা, দুটা মোবাইল ফোন ৬,৯৬০ টকা নগদ ধন সহ এএছ ০৩এডি - ৮০৫৯ নম্বৰৰ এখন চুইফ্ট বাহন জব্দ কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande