মানকাচৰৰ সুখচৰত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়াত ভীতিগ্ৰস্ত নৈপৰীয়া
মানকাচৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। মানকাচৰৰ সুখচৰত বানপানীৰ সমান্তৰালকৈ খৰালিতো ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাত ভিতিগ্ৰস্ত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ গৰাখহনীয়াৰ কৱলত পৰি নদীৰ বুকুত জাহ গৈছে সুখচৰ অঞ্চলৰ প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহ ৷ ন
মানকাচৰৰ সুখচৰত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়াত ভীতিগ্ৰস্ত নৈপৰীয়া


মানকাচৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। মানকাচৰৰ সুখচৰত বানপানীৰ সমান্তৰালকৈ খৰালিতো ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাত ভিতিগ্ৰস্ত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ গৰাখহনীয়াৰ কৱলত পৰি নদীৰ বুকুত জাহ গৈছে সুখচৰ অঞ্চলৰ প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহ ৷ নদীৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমিৰ লগতে কেইবাটাও চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান ৷ নৈপৰীয়া ৰাইজে আপোন ঘৰখন ভাঙি নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৷ এনে পৰিস্থিতিৰ মাজতো কুম্ভকৰ্ণৰ নিন্দ্ৰাত মগ্ন ৰজাঘৰীয়া ৷

গৰাখহনীয়াৰ চৰম ভাবুকিত পৰিছে ১৯৪৭চনত স্থাপিত সুখচৰ এছ.আলি.উচ্চতৰ মাধ্যমিক বিদ্যালয় , সুখচৰ ক্ষূদ্ৰ স্বাস্থ্য কেন্দ্ৰ, সুখচৰ জল জীৱন আঁচনিৰ লগতে সুখচৰ গাওঁ খন । শতাধিক পৰিয়াল বৰ্তমানেও নৈৰ পাৰতে বসবাস কৰি আছে তেওঁলোকে উজাগৰী নিশা পাৰ কৰিছে।

উল্লেখ্য যে, চৰকাৰ তথা জনপ্ৰতিনিধিৰ প্ৰতি আস্থা হেৰুৱাই ৰাইজে দান বৰঙনিৰ ধনেৰে ব্ৰহ্মপুত্ৰত নদীবান্ধৰ কাম আৰম্ভ কৰিছে ৷ সুখচৰ অঞ্চলত ৰাইজৰ ধনেৰ পাথৰেৰে তিনিটাকৈ বান্ধৰ কাম আৰম্ভ কৰিছে ইতিমধ্যে এটা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande