মানকাচৰত আৰক্ষীৰ বুজন পৰিমান গাঞ্জা সহ দুজন অভিযুক্ত গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰা মানকাচৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে। মানকাচৰৰ ভাৰত-বাংলা সীমান্তবৰ্তী অঞ্চল ঝনঝনীৰ ছটীমাৰী গাঁৱত মানকাচৰ আৰক্ষীয়ে বুধবাৰে নিশা ১১.৩০ মান বজাত অভিযান চলাই বুজন
মানকাচৰত আৰক্ষীৰ বুজন পৰিমান গাঞ্জা সহ দুজন অভিযুক্ত গ্ৰেপ্তাৰ


দক্ষিণ শালমাৰা মানকাচৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে। মানকাচৰৰ ভাৰত-বাংলা সীমান্তবৰ্তী অঞ্চল ঝনঝনীৰ ছটীমাৰী গাঁৱত মানকাচৰ আৰক্ষীয়ে বুধবাৰে নিশা ১১.৩০ মান বজাত অভিযান চলাই বুজন পৰিমানৰ অবৈধ গাঞ্জাসহ দুজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।

গোপন খৱৰৰ ভিত্তিত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে.এছ. খবুঙৰ নেতৃত্বত ছটিমাৰী গাঁৱৰ নজৰু’ল ইছলাম (৫৫ বছৰ) আৰু হাছিনুৰ মিয়া (২১ বছৰ) নামৰ লোক দুজনৰ ঘৰত অভাযান চলাই ২৭ কেজি গাঞ্জা উদ্ধাৰ কৰাৰ লগতে নজৰু’ল ইছলাম (৫৫ ) আৰু হাছিনুৰ মিয়া (২১)ক গ্ৰেপ্তাৰ কৰে।

ইয়াৰে নজৰু’ল ইছলামৰ ঘৰৰ পৰা ১৯ টা পেকেটত ২০ কেজি সন্দেহযুক্ত শুকান গাঞ্জা উদ্ধাৰ হয় আৰু হাছিনুৰ মিয়াৰ ঘৰৰ পৰা ৬.৯৯৪ কেজি সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ হয়।

জব্দ কৰা গাঞ্জা খিনিৰ আনুমানিক বজাৰ মূল্য ₹১৩,৪৯,৭০০/- টকা হব বুলি আৰক্ষীৰ সুত্ৰে জানিব পৰা গৈছে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande