
আৰৰিয়া, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিদিনীয়া ভ্ৰমণসূচীৰে সীমাঞ্চল অঞ্চল পৰিভ্ৰমণ কৰি আছে । কিষাণগঞ্জ ভ্ৰমণৰ অন্তত ভ্ৰমণৰ দ্বিতীয় দিনা গৃহমন্ত্ৰীগৰাকীয়ে আৰৰিয়াৰ ছিক্তি ব্লকৰ লেটিত থকা সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ ৫২ নং বেটেলিয়নৰ সীমান্ত আউটপোষ্ট পৰিদৰ্শন কৰে। কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা অট্টালিকা উদ্বোধন কৰে।
এই উপলক্ষে গৃহমন্ত্ৰীয়ে ভাৰত-নেপাল সীমান্তৰ দহ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অবৈধ বেদখল আৰু অনুপ্ৰৱেশকাৰীক লক্ষ্য কৰি লয়। তেওঁ ঘোষণা কৰে যে সীমান্তৰ পৰা দহ কিলোমিটাৰৰ ভিতৰত অবৈধ বেদখল দূৰ হ’ব আৰু অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বহিষ্কাৰ কৰা হ’ব। তেওঁ সীমান্ত অঞ্চলৰ ৰাইজক আশ্বাস দিয়ে যে তেওঁ প্ৰতিজন অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। তেওঁলোকক বহিষ্কাৰ কৰাৰ পিছতহে তেওঁ ভোট বিচাৰিব।
তেওঁ কয় যে দেশৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে নিৰাপত্তা সংস্থাসমূহৰ সমন্বয়ত আমি এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰি কাৰ্যকৰী কৰিম। তেওঁ সীমান্ত সুৰক্ষা ব্যৱস্থাপনাৰ অধীনত সীমান্তৰ পৰা দহ কিলোমিটাৰৰ ভিতৰত অবৈধ বেদখল আঁতৰোৱাটো সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে ঘোষণা কৰে। অনুপ্ৰৱেশকাৰীয়ে সৃষ্টি কৰা জনগাঁথনিগত পৰিৱৰ্তনক তেওঁ দেশৰ সংস্কৃতি আৰু জনগাঁথনিৰ বাবে চিন্তাৰ বিষয় বুলি অভিহিত কৰে।
অমিত শ্বাহে কয় যে কেৱল সমগ্ৰ দেশৰ নহয়, সীমান্তৱৰ্তী অঞ্চলসমূহৰ পৰ্যালোচনাৰ বাবে জনগাঁথনি পৰিৱৰ্তনৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হ’ব। তেওঁ স্বীকাৰ কৰে যে জনগাঁথনিগত পৰিৱৰ্তন আটাইতকৈ বেছি হৈছে পশ্চিম বংগ, বিহাৰ, আৰু ঝাৰখণ্ডত। তেওঁ কয় যে ইয়াক ৰোধ কৰিবলৈ সীমান্ত সুৰক্ষাৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাঁইটীয়া তাঁৰ আৰু বেৰ স্থাপন কৰা হ’ব। সীমাঞ্চলৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ বাবে বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেই প্ৰতিশ্ৰুতি যিকোনো মূল্যৰ বিনিময়ত পূৰণ হ’ব বুলিও তেওঁ কয়।
গৃহমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে ভাৰত-নেপাল সীমান্তৰ পৰা হেলিপেড আৰু লাঠি বি অ’ পি শিবিৰলৈ বৃহৎ সংখ্যক বিহাৰ আৰক্ষীৰ জোৱান, এছ এছ বি আৰু চি আৰ পি এফ বিষয়া আৰু জোৱানৰ লগতে দণ্ডাধীশক নিয়োগ কৰা হয়। ইয়াৰ পূৰ্বে লেটিত উপস্থিত হোৱাৰ লগে লগে গৃহমন্ত্ৰীগৰাকীক ডি এম বিনোদ দুহান, এছ পি জিতেন্দ্ৰ কুমাৰ, বিজেপিৰ জিলা সভাপতি আদিত্য নাৰায়ণ ঝা, সাংসদ প্ৰদীপ কুমাৰ সিং, বিধায়ক বিজয় কুমাৰ মণ্ডলৰ লগতে এছ এছ বি আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ বিষয়া আদিয়ে ফুলৰ থোপা আৰু শ্বাল উপহাৰ দি আদৰণি জনায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া