গোনাইবৰি নতুন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ কাণ্ড
পাঠদান এৰি ব্যস্ত নিজৰ ঘৰুৱা কামত। প্ৰায় এক সপ্তাহে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী।
গোনাইবৰি নতুন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ কাণ্ড


মৰিগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.): মৰিগাঁও জিলাৰ লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত গোনাইবৰি নতুন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নুৰ মোহাম্মদৰ কৰ্ম-কাণ্ডক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় এক সপ্তাহ ধৰি মধ্যাহ্ন ভোজন লাভ কৰা নাই।

বিভাগক বুঢ়া আঙুলি দেখুৱাই প্ৰধান শিক্ষক নুৰ মোহাম্মদ নিয়মীয়াভাৱে বিদ্যালয়ত উপস্থিত নাথাকে। বিদ্যালয় খনত শিক্ষকৰ অভাৱ স্বত্ত্বেও বিদ্যালয় এৰি ব্যস্ত থাকে ব্যক্তিগত কামত।ঘটনাটো বিভাগীয়ভাৱে অৱগত হোৱাৰ পাছত সংশ্লিষ্ট চিআৰচি বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইফালে চিআৰচি-এ ফোনযোগে প্ৰধান শিক্ষক নুৰ মোহাম্মদৰ পৰা জবাবদিহিও কৰে। এনে পৰিপ্ৰেক্ষিতত কৰ্মত ফাঁকি আৰু কণ কণ ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনত চকু দিয়া বিদ্যালয়খনত কৰ্মৰত প্ৰধান শিক্ষক নুৰ মোহাম্মদৰ বিৰুদ্ধে বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande