কোকৰাঝাৰত এইচপিভি টিকাকৰণ কাৰ্যসূচীৰ পৰ্যালোচনা সভা
কোকৰাঝাৰ ২৬ ফেব্ৰুৱাৰী (হি.স.)। আগন্তুক মানব পেপিলোমাভাইৰাছ (HPV) টিকাকৰণ কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ লক্ষ্যৰে আজি কোকৰাঝাৰৰ ডিচি সন্মিলনী কক্ষত জিলা টাস্ক ফ’ৰ্চ (DTF)ৰ প্ৰথম বৈঠক অনুষ্ঠিত হয়। বৈঠকখন জিলা উপায়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠ
কোকৰাঝাৰত এইচপিভি টিকাকৰণ কাৰ্যসূচীৰ পূৰ্বসজ্জা পৰ্যালোচনা।


কোকৰাঝাৰত এইচপিভি টিকাকৰণ কাৰ্যসূচীৰ পূৰ্বসজ্জা পৰ্যালোচনা।


কোকৰাঝাৰ ২৬ ফেব্ৰুৱাৰী (হি.স.)। আগন্তুক মানব পেপিলোমাভাইৰাছ (HPV) টিকাকৰণ কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ লক্ষ্যৰে আজি কোকৰাঝাৰৰ ডিচি সন্মিলনী কক্ষত জিলা টাস্ক ফ’ৰ্চ (DTF)ৰ প্ৰথম বৈঠক অনুষ্ঠিত হয়। বৈঠকখন জিলা উপায়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হয়।বৈঠকত কোকৰাঝাৰৰ জিলা প্ৰতিষেধক বিষয়া ডাঃ ডি. ভৌৱালে এক বিশদ পাৱাৰপইণ্ট উপস্থাপনাৰে জিলাখনৰ প্ৰস্তুতি, ব্লকভিত্তিক ব্যৱস্থা আৰু লজিষ্টিক ব্যৱস্থাপনা সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

তেওঁ জনায় যে ভাৰত চৰকাৰে ১৪ বছৰ বয়সীয়া সকলো কন্যাৰ বাবে গৰ্ভাশয় কেঞ্চাৰ প্ৰতিৰোধৰ উদ্দেশ্যে বিনামূলীয়া এইচপিভি টিকাকৰণ আৰম্ভ কৰিছে। গৰ্ভাশয় কেঞ্চাৰ বিশ্বব্যাপী মহিলা সকলৰ মাজত চতুৰ্থ সৰ্বাধিক প্ৰচলিত কেঞ্চাৰ আৰু ভাৰতত দ্বিতীয় সৰ্বাধিক প্ৰচলিত বুলি তেওঁ উল্লেখ কৰে।কাৰ্যসূচীৰ অধীনত ‘Gardasil-4’ (Quadrivalent) ভেকচিন ১৪ বছৰীয়া যোগ্য কন্যা সকলক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। বিশেষকৈ আধাৰ কাৰ্ডধাৰী কন্যা সকলক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি জানিবলৈ দিয়ে। আৰম্ভণিৰ পাছত প্ৰাথমিকভাৱে তিনিমাহলৈ এই অভিযান চলিব, প্ৰতিক্ৰিয়া আৰু ক’ভাৰেজৰ ওপৰত নিৰ্ভৰ কৰি সময়সীমা বৃদ্ধি কৰিব পৰা যাব। প্ৰতিটো টিকাকৰণ কেন্দ্ৰত এজন চিকিৎসা বিষয়াৰ উপস্থিতি নিশ্চিত কৰা হ’ব। টিকা গ্ৰহণৰ পাছত প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব আৰু যথাযথ চিনাক্তকৰণ আৰু পৰ্যবেক্ষণৰ বাবে টিকা গ্ৰহণ কৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাঁও হাতৰ তৰ্জনী আঙুলিত চিহ্ন প্ৰদান কৰা হ’ব।

সমাপনী ভাষণত জিলা উপায়ুক্তই কয় যে এইচপিভি টিকাকৰণ অভিযান মহিলা-কেন্দ্ৰিক এক গুৰুত্বপূৰ্ণ জনস্বাস্থ্য পদক্ষেপ। তেওঁ সকলো সংশ্লিষ্ট বিভাগ আৰু অংশীদাৰ সকলক সমন্বিতভাৱে কাম কৰি সৰ্বাধিক ক’ভাৰেজ নিশ্চিত কৰিবলৈ আহ্বান জনায়। সামাজিক কুসংস্কাৰ বা সংকোচে যাতে কাৰ্যসূচীত অংশগ্ৰহণত বাধা সৃষ্টি নকৰে, তাৰ বাবে ব্যাপক সজাগতা অভিযান চলাবলৈও তেওঁ গুৰুত্ব আৰোপ কৰে। জনসাধাৰণৰ মাজলৈ অধিক প্ৰচাৰ-প্ৰসাৰৰ বাবে Assam State Rural Livelihoods Mission (ASRLM)ৰ সৈতে সমন্বয়ৰ পৰামৰ্শ আগবঢ়ায়।বৈঠকত জিলা প্ৰশাসনৰ বিষয়াসকল, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande