
নগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.)।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰিত ৮০ হাজাৰ য়াবা টেবলেট সহ এখন ট্ৰাক কলিয়াবৰ আৰক্ষীৰ জালত পৰিছে ৷ এক গোপন সূত্ৰৰ ভিত্তিত বুধবাৰে নিশা কলিয়াবৰ সমজিলাৰ আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত চলা নাকা চেকিঙৰ সময়ত ধৰা পৰে বৃহৎ পৰিমানৰ টেৱলেট খিনি ৷
আৰক্ষীৰ সূত্ৰ মতে বাগৰি আৰক্ষী চকীৰ সন্মুখত চলোৱা অভিযানত ধৰা পৰা ট্ৰাকখনত কোনো সামগ্ৰী নাছিল ৷ কিন্তু আৰক্ষীৰ তালাচিত চালকৰ কেবিনত নিৰ্মান কৰি লোৱা গোপন চেম্বাৰত সৰবৰাহ কৰা য়াবা টেবলেট খিনি উদ্ধাৰ কৰা হয় ৷ এই সন্দৰ্ভত এএছ ০১ ডিডি ৪৩২২ নম্বৰৰ ট্ৰাক খনৰ চালকৰ লগতে থকা আনজন লোকক আটক কৰি সোধাপোচা কৰাৰ পাছত আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য মতে আটক কৰা দুয়োজন লোকৰ নাম ৰফিকুল ইচলাম ৷ ঘৰ গোৱালপাৰাত ৷ মণিপুৰৰ পৰা গোৱালপাৰালৈ সৰবৰাহ কৰা হৈছিল টেবলেট ফিনি ৷ গুৱাহাটীৰ পৰা আন ব্যক্তিয়ে টেবলেটখনি সংগ্ৰহ কৰাৰ কথা আছিল ৷ জব্দ কৰা টেবলেট খিনিৰ মূল্য প্ৰায় চাৰি কোটি টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা