বিধানসভা নিৰ্বাচনঃ সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিছে কলিয়াবৰ বিধানসভা সমষ্টিৰ ৰূপৰেখা
নগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । ঐতিহাসিক তথা অসমৰ এখন গুৰুত্বপূৰ্ণ স্থান কলিয়াবৰতো আৰম্ভ হৈছে নিৰ্বাচনী ততপৰতা। ভ
কেশৱ মহন্ত


নগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । ঐতিহাসিক তথা অসমৰ এখন গুৰুত্বপূৰ্ণ স্থান কলিয়াবৰতো আৰম্ভ হৈছে নিৰ্বাচনী ততপৰতা। ভাৰতৰ স্বাধীনতা আন্দোলন, অসমৰ মাধ্যম আন্দোলন আদিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কলিয়াবৰৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰতো এক বিশেষ সুনাম আছে। ছবছৰীয়া অসম আন্দোলনৰ নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ তদানীন্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰ কলিয়াবৰতে । পিছলৈ কলিয়াবৰ আৰু নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈ অসমৰ সৰ্বকালৰ কণিষ্ঠ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে ।

সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিছে নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ ৰূপৰেখা । সলনি হৈ পৰিছে কলিয়াবৰ বিধানসভা সমষ্টিৰ জনগাথঁনিও । পূৰ্বতকৈ বৃদ্ধি পাইছে কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কলিয়াবৰ সমষ্টিৰ বৰ্তমানৰ সমষ্টিটোৰ ক্ৰমিক ক্ৰমিক নম্বৰ ৫৭ হৈছেগৈ। পূৰ্বৰ ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিত থকা দুটা উন্নয়ন খণ্ডত মুঠ ১৮খন গাঁও পঞ্চায়ত আছিল । সীমা নিৰ্ধাৰণৰ পিছত চাৰিখন গাঁও পঞ্চায়ত অন্তৰ্ভূক্তিৰে এই সংখ্যা ২২ খনলৈ বৃদ্ধি পালে যদিও বৰঘূলী গাঁও পঞ্চায়ত ৰূপহী সমষ্টিত আৰু কঁঠালগুৰি গাঁও পঞ্চায়ত চামগুৰি সমষ্টিত অন্তৰ্ভূক্ত হয় ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুটা গুৰুত্বপূৰ্ণ বনাঞ্চল বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চল কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত । যাতায়তৰ দিশেৰে কলিয়াবৰ এখন অতি সূচল ঠাই । উজনি, নামনি আৰু উত্তৰপাৰৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল কলিয়াবৰ ।

১৯৮৫ চনৰ নিৰ্বাচনৰ পিছৰে পৰা নিৰ্বাচনত কলিয়াবৰ সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ আধিপত্য জাতীয়তাবাদী ধ্বজাবাহী সমষ্টি হিচাপে পৰিগণিত হৈছে । তাৰ মাজতে ১৯৯১ আৰু চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বলোৰাম নাগে অসম গণ পৰিষদৰ প্ৰাৰ্থী গুণীন হাজৰিকাক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল । তাৰ পিছৰে পৰা অগপ দলৰ গুণীন হাজৰিকাই ১৯৯৬ আৰু ২০০১ চনত একেৰাহে দুবাৰ আৰু কেশৱ মহন্তই ২০০৬ চনৰ পৰা একেৰাহে চাৰিবাৰ বিজয়ী হৈ পঞ্চমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰস্তুতি চলাইছে ।

সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯৪,৩৩৬ জন। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৯৬,৪২৪ জন। মহিলা ভোটাৰ ৯৭,৯০৬ গৰাকী হোৱাৰ বিপৰীতে তৃতীয় লিংগৰ ৬ জন ভোটাৰ আছে। ভোটাৰ তালিকাৰ খচৰা অনুসৰি জাতি-জনগোষ্ঠী, ভাষা-ভাষিক ভোটাৰৰ সংখ্যা এনেধৰণৰ – হিন্দু বঙালী–৪৯,০৪৪, চাহ জনগোষ্ঠী–৪৬,৫৬৭, ধৰ্মীয় সংখ্যালঘু–৪১,১৩২, অসমীয়া–৩৬,৭৫৩, নেপালী–৬,৯৯৬, বড়ো–৬,১১৭, কাৰ্বি–৪,১৬৯ আৰু বিহাৰী/মাৰোৱাৰী–৩,৫৫৬ গৰাকী।

উল্লেখ্য যে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী চাৰিগৰাকী প্ৰাৰ্থীৰ ভিতৰত অগপ (মিত্ৰজোঁট)ৰ কেশৱ মহন্তই ৭৩,৬৭৭টা ভোট, কংগ্ৰেছ (মহাজোঁট)ৰ প্ৰশান্ত কুমাৰ শইকীয়াই ৪৪৯৫৭টা, অসম জাতীয় পৰিষদৰ মুকুল বৰুৱাই ২৬২৭ টা আৰু নিৰ্দলীয় ভাস্কৰ শৰ্মাই ১৬৭৬ টা ভোট পাইছিল। ইফালে নোটাত দিয়া ভোটৰ পৰিমাণ আছিল ১৮০৯টা। অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত নিকততম ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াতকৈ ২৮,৭২০টা ভোটৰ ব্যৱধানত বিজয়ী হয় ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande