দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
গোলাঘাট, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰিত যোৱাকালি বুধবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । চুইফট আৰু ট্ৰেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা ঘটে । চুইফট খনৰ নম্বৰ এএছ ০৫ এক্স ৫৮২৬ বুলি জানিব প
দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা


গোলাঘাট, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰিত যোৱাকালি বুধবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । চুইফট আৰু ট্ৰেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা ঘটে । চুইফট খনৰ নম্বৰ এএছ ০৫ এক্স ৫৮২৬ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চুইফট খনৰ চালক জন ।

চুইফট খনৰ চালক জন দেৰগাঁৱৰ নাৰিকলগুৰিৰ দীপাংকৰ দাস বুলি জানিব পৰা গৈছে। সুৰাসক্ত অৱস্থাত আছিল চুইফট খনৰ চালক। গাড়ীৰ ভিতৰত উদ্ধাৰ হয় সুৰাৰ বটল। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ট্ৰেক্টৰ খনৰ চালক আৰু এগৰাকী মহিলা । আঘাত প্ৰাপ্ত দুয়োকে যোৰহাট চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । শ শ লোক ক্ষোভিত হৈ পৰে সুৰাসক্ত চালকৰ বিৰুদ্ধে । দেৰগাঁও আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি । ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত জীৱন মৰণৰ সৈতে যুঁজি আছে আহত দুজন লোক ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande