গোগামুখত জল জীৱন মিছন আঁচনি ভালুকৰ সাঁঙিত পৰিণত
লক্ষীমপুৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গোগামুখত জল জীৱন মিছন আঁচনি নামতহে কিন্ত বাস্তব ক্ষেত্ৰত ভালুকৰ সাঁঙিত পৰিণত। জলমিত্ৰ সকলেও নিজ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰা সত্বেও আজি দুটা বছৰে নাপালে এটকাও। সোনাপুৰ মাঝি গাঁও - মহৰিকেম্প নেপালীত থকা জল জীৱন আঁ
গোগামুখত জল জীৱন মিছন আঁচনি ভালুকৰ সাঁঙিত পৰিণত


লক্ষীমপুৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গোগামুখত জল জীৱন মিছন আঁচনি নামতহে কিন্ত বাস্তব ক্ষেত্ৰত ভালুকৰ সাঁঙিত পৰিণত। জলমিত্ৰ সকলেও নিজ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰা সত্বেও আজি দুটা বছৰে নাপালে এটকাও। সোনাপুৰ মাঝি গাঁও - মহৰিকেম্প নেপালীত থকা জল জীৱন আঁচনিৰ পানী পাইপত দুই-তিনি বছৰে নোলাল এটুপি বিশুদ্ধ খোৱা পানী ।

ঘৰে ঘৰে নল , ঘৰে ঘৰে পানী আচঁনি যেন এতিয়া ভালুকৰ সাঁঙীত পৰিণত । আঁচনিৰ অধীনত কোটি কোটি টকা আৱন্টন হয় যদিও ঘিলামৰা সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গোগামুখ উপ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰৰ বাবেই আজি পৰ্যন্ত এটুপি বিশুদ্ধ পানীৰ পৰা বঞ্চিত হোৱাত গাঁওবাসীৰ ক্ষোভ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande