জাগীৰোডৰ চেনিমাৰীত সংঘটিত পথ দুৰ্ঘটনাত দুজন আহত
মৰিগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.)। আজি বিয়লি জাগীৰোডৰ চেনিমাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰীত সোমাই পৰে এখন হুণ্ডাই ক্ৰিয়েটা বাহন। জাগীৰোডৰ পৰা মৰিগাঁও অভিমুখী আছিল এএছ ০১ এফইউ ১১৯১ নম্বৰৰ বিলাসী ক্ৰিয়েটা বাহন
জাগীৰোডৰ চেনিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা


জাগীৰোডৰ চেনিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা


মৰিগাঁও, ২৬ ফেব্ৰুৱাৰী (হি.স.)। আজি বিয়লি জাগীৰোডৰ চেনিমাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰীত সোমাই পৰে এখন হুণ্ডাই ক্ৰিয়েটা বাহন। জাগীৰোডৰ পৰা মৰিগাঁও অভিমুখী আছিল এএছ ০১ এফইউ ১১৯১ নম্বৰৰ বিলাসী ক্ৰিয়েটা বাহন খন। ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় একাংশ লোকে তৎপৰতাৰে বাহন খনৰ পৰা চালক সহ বাহন খনৰ একমাত্ৰ আৰোহী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে দুয়োজনৰে।

অৱশ্যে দুয়োজনে সামান্য পৰিমাণে আহত হই। প্ৰাথমিক চিকিতসাৰ অন্তত দুয়োজনকে যাব দিয়া হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত জাগীৰোড থানাৰ যানবাহন আৰক্ষী উপস্থিত হৈ পানীৰ পৰা উদ্ধাৰ কৰে বাহন খন।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande