চিবৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ, ২০ জনৰো অধিক নেতাক আটক
নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিবক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে। প্ৰতিবাদৰ সময়ত বেৰিকেড পাৰ হ’বলৈ চেষ্টা কৰা ২০ জনৰো অধিক নেতাক আৰক্ষীয়ে আটক কৰে। দিল্লী আৰক্ষ
युवा कांग्रेस अध्यक्ष उदय भानु चिब की गिरफ्तारी के विरोध में गुरुवार को नई दिल्ली स्थित युवा कांग्रेस मुख्यालय के बाहर प्रदर्शन करते हुए बी. वी. श्रीनिवास, देवेंद्र यादव और अन्य कांग्रेस नेता।

নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিবক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে। প্ৰতিবাদৰ সময়ত বেৰিকেড পাৰ হ’বলৈ চেষ্টা কৰা ২০ জনৰো অধিক নেতাক আৰক্ষীয়ে আটক কৰে।

দিল্লী আৰক্ষীয়ে আটক কৰা নেতাসকলৰ ভিতৰত আছে দিল্লী কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বি.ভি. সকলোকে বাছত উঠাই থানালৈ লৈ যোৱা হয়।

চিবক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে। এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ মুৰব্বী পৱন খেৰা আৰু কংগ্ৰেছ নেতা উদিত ৰাজকে ধৰি বহু সংখ্যক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে চিবৰ গ্ৰেপ্তাৰক গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বুলি শ্লোগানেৰে উত্তাল কৰি তোলে।

প্ৰতিবাদৰ প্ৰত্যাশাত যুৱ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত বেৰিকেড স্থাপন কৰা হয়। এই সময়ছোৱাত কেইবাজনো প্ৰতিবাদকাৰীয়ে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই আহি ৰাজপথত বিক্ষোভৰ চেষ্টা চলায়। একাংশ কৰ্মীয়ে বেৰিকেডত উঠি ৰাস্তাত পাৰ হৈ যায়। পৰৱৰ্তী সময়ত শ্ৰীনিবাস, দেৱেন্দ্ৰ যাদৱ, অজয় কুমাৰ লাল্লুকে ধৰি কেইবাজনো নেতাই ৰাজপথত শুই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ১৬-২১ ফেব্ৰুৱাৰীলৈ দিল্লীত অনুষ্ঠিত হোৱা এ আই সন্মিলনত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে অৰ্ধনগ্ন প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে উদয় ভানু চিবক জেৰা কৰি গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁক এই প্ৰতিবাদৰ মূল ষড়যন্ত্ৰ আখ্যা দিছে। আদালতে তেওঁক চাৰি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande