কানাডাৰ প্ৰধানমন্ত্ৰী কাৰ্নীৰ চাৰিদিনীয়া ভাৰত ভ্ৰমণ কৰিব, ২ মাৰ্চত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ
নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণীয়ে অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ ভাৰত ভ্ৰমণ কৰিব । দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু নতুন অংশীদাৰিত্বৰ সন্ধানৰ লক্ষ্যৰে ভাৰত ভ্ৰমণৰ বাবে এয়া কাৰ্নীৰ প্ৰথম আনুষ্ঠানিক ভ্ৰ
प्रधानमंत्री नरेन्द्र मोदी और कनाडा के प्रधानमंत्री मार्क कार्नी


নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণীয়ে অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ ভাৰত ভ্ৰমণ কৰিব । দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু নতুন অংশীদাৰিত্বৰ সন্ধানৰ লক্ষ্যৰে ভাৰত ভ্ৰমণৰ বাবে এয়া কাৰ্নীৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি কাৰ্নি প্ৰথমে মুম্বাইত উপস্থিত হ’ব । অহা দুদিনত তেওঁ বিভিন্ন ব্যৱসায়িক অনুষ্ঠানত অংশগ্ৰহণ কৰিব । তেওঁ ভাৰত-কানাডাৰ চিইঅ’, উদ্যোগ, বিত্তীয় বিশেষজ্ঞ, উদ্ভাৱক, শিক্ষাবিদ আৰু ভাৰতত উপস্থিত কানাডাৰ পেঞ্চন ফাণ্ডৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰিব।

১ মাৰ্চত নতুন দিল্লীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী কাৰ্নি । ২ মাৰ্চত হায়দৰাবাদ হাউছত দুয়োগৰাকী নেতাই প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব । কানানাস্কিছ (জুন ২০২৫) আৰু জোহান্সবাৰ্গ (নৱেম্বৰ ২০২৫)ত হোৱা পূৰ্বৰ বৈঠকৰ ওপৰত ভিত্তি কৰি ভাৰত-কানাডা কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতি পৰ্যালোচনা কৰিব দুয়োগৰাকী নেতাই । তেওঁলোকে বাণিজ্য, বিনিয়োগ, শক্তি, জটিল খনিজ পদাৰ্থ, কৃষি, শিক্ষা, গৱেষণা আৰু উদ্ভাৱন আদি মূল স্তম্ভসমূহৰ ওপৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব। আঞ্চলিক আৰু বিশ্বৰ উন্নয়নৰ সন্দৰ্ভতো দুয়োগৰাকী নেতাই মত বিনিময় কৰিব।

পিছত দুয়োগৰাকী নেতাই ভাৰত-কানাডা চিইঅ’ ফ’ৰামত ভাষণ দিব, যিয়ে দুয়োখন দেশৰ ব্যৱসায়িক সম্পৰ্কৰ বাবে এক নতুন পথ নিৰ্ধাৰণ কৰিব । আগন্তুক বৈঠকত ভাৰত আৰু কানাডাৰ মাজত আস্থা পুনৰ গঢ়ি তোলাৰ লগতে দীৰ্ঘম্যাদী অংশীদাৰিত্বৰ বাবে ৰোডমেপ প্ৰস্তুত কৰাৰ কাম কৰা হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande