
কোকৰাঝাৰ, ২৬ ফেব্ৰুৱাৰী (হি.স.)। আগন্তুক হোলী উৎসৱ উপলক্ষে ফকিৰাগ্ৰাম ভোজপুৰীয়া সমাজে এক গুৰুত্বপূৰ্ণ আহ্বান জনাইছে। ফকিৰাগ্ৰাম ভোজপুৰী সমাজৰ ফালৰ পৰা সদৰি কৰা হই যে প্ৰতিবছৰৰ দৰে এইবেলিও পৰম্পৰাগতভাৱে হোলী গীত আৰু হোলিকা দহন অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। সামাজিক সৌহাৰ্দ্য, সাংস্কৃতিক পৰম্পৰা সংৰক্ষণ আৰু পাৰস্পৰিক সম্প্ৰীতিৰ লক্ষ্যৰে এই অনুষ্ঠান সাধাৰণভাবে আৰু মৰ্যাদাপূৰ্ণভাৱে সম্পন্ন কৰা হ’ব বুলি সমিতিয়ে প্ৰকাশ কৰিছে৷
এই সন্দৰ্ভত ভোজপুৰী সমাজৰ বিষয়ববীয়া সকলে কয় যে হোলী ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যিয়ে প্রেম, সদ্ভাৱ আৰু ভাতৃত্ববোধৰ বাণী প্ৰচাৰ কৰে। সেই ধাৰণাক আগবঢ়াই নিয়াৰ উদ্দেশ্যে এইবেলিও সীমিত পৰিসৰত পৰম্পৰাগত হোলী গীত পৰিবেশন আৰু বিধিপূৰ্বক হোলিকা দহন সম্পন্ন কৰা হ’ব। অঞ্চলবাসীৰ সক্ৰিয় অংশগ্ৰহণে সমাজত একতা আৰু সম্প্ৰীতি অধিক দৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰিছে৷
ইয়াৰ উপৰিও সমাজে স্পষ্ট কৰি দিয়ে যে এইবছৰ ফকিৰাগ্ৰামত হোলী উপলক্ষে কোনো ধৰণৰ বিশেষ বা ডাঙৰ ৰাজহুৱা কাৰ্যসূচী ভোজপুৰী সমাজৰ ফালৰ পৰা আয়োজন কৰা হোৱা নাই। আগন্তুক সময়ত যদি কোনো বিশেষ অনুষ্ঠান আয়োজন কৰা হয়, তেন্তে সেই বিষয়ে সংবাদ মাধ্যমৰ আৰু বিশ্বাসযোগ্য মাধ্যমৰ জৰিয়তে আনুষ্ঠানিক ঘোষণা কৰা হ’ব বুলি কোৱা হৈছে।
সংবাদ মেইলৰ যোগে সমাজে এই তথ্যও জনাইছে যে যদি কোনো ব্যক্তিয়ে ব্যক্তিগত স্বাৰ্থত “হোলী মিলন সমাৰোহ” বা আন কোনো বিশেষ অনুষ্ঠান আয়োজন কৰে, তেন্তে সেই অনুষ্ঠানৰ সৈতে ভোজপুৰী সমাজৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো সম্পৰ্ক নাথাকিব।সমাজে সাধাৰণ ৰাইজক অনুৰোধ জনাই কোনো ভুৱা তথ্য বা অসমৰ্থিত নতুবা ভ্ৰান্ত খবৰত বিশ্বাস নকৰিবলৈ আৰু কেৱল অধিকৃত তথ্যৰ ওপৰতহে গুৰুত্ব দিবলৈ আহ্বান জনাইছে। লগতে সকলোকে শান্তি, সম্প্ৰীতি আৰু পৰম্পৰাগত মৰ্যাদা অক্ষুণ্ণ ৰাখি হোলী উৎসৱ উদযাপন কৰিবলৈ ভোজপুৰী সমাজে আহ্বান জনাইছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ