
ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে হাছি তো ফচি। ধৰ্ম প্ৰডাকচনৰ সহযোগত পিভিআৰে ৬ মাৰ্চত ছবিগৃহত পুনৰ মুক্তি পাব এই ৰোমান্টিক কমেডীখন । ভিনিল মেথিউৰ পৰিচালনাত ২০১৪ চনত মুক্তি পোৱা এই ছবিখনে দৰ্শকৰ মাজত কাল্ট ফ’ল’ৱাৰ লাভ কৰিছিল।
খবৰ অনুসৰি অহা ৬ মাৰ্চত ছবিগৃহত পুনৰ মুক্তি পাব । সিধৰ্থ মালহোত্ৰা আৰু পৰিনীতি চোপ্ৰা অভিনীত এই কাহিনীটো পৰম্পৰাগত প্ৰেম কাহিনীৰ পৰা বিচ্যুতি। কুটিল পৰিস্থিতি, আৱেগিক উত্থান-পতন, আৰু লঘু হাস্যৰসৰ সৈতে ছবিখনে দৰ্শকে সমাদৰ লাভ কৰিছে। ছবিখনৰ গীত, সংগীত, সংলাপ আজিও জনপ্ৰিয় হৈ আছে। পৰিনীতিৰ জিভা টুইষ্টাৰ ডাইলগ সঘনাই ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হয়।
প্ৰযোজক কৰণ জোহৰে পুনৰ মুক্তিক লৈ আনন্দ প্ৰকাশ কৰি কয় যে ছবিখন তেওঁৰ হৃদয়ৰ অতি ওচৰৰ। তেওঁৰ মতে এইটো কোনো পৰম্পৰাগত প্ৰেম কাহিনী নহয়, বৰঞ্চ অসঙ্গতিপূৰ্ণ মানুহৰ প্ৰেম কাহিনীহে, ইয়াৰ অসম্পূৰ্ণতাত সুন্দৰ। বিকাশ বাহল, বিক্ৰমাদিত্য মটৱানে, অনুৰাগ কাশ্যপৰ সৈতে কৰণ জোহৰৰ প্ৰযোজক ছবিখন। আদা শৰ্মা, মনোজ যোশী, ববি ডাৰ্লিং, শৰৎ ছাক্সেনা, আৰু নীনা কুলকাৰ্ণীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰে। ৰোমান্টিক কমেডী ভালপোৱা দৰ্শকৰ বাবে এই পুনৰ মুক্তি ডাঙৰ পৰ্দাত পুৰণি যাদুক পুনৰ জীৱিত কৰাৰ সুযোগ হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া