হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী
গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ ৰাজধানী গুৱাহাটী ৰ বশিষ্ঠ আৰক্ষী থানাৰ আৰক্ষীৰ দলে ড্ৰাগছৰ সৈতে দুখন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়। আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক অবগত কৰে যে গোপন তথ্যৰ আধাৰত চলোৱা অভিযানৰ সময়ছোৱাত থানাৰ অঞ্চল খা
बरामद की गई हीरोइन


हीरोइन समय दो गिरफ्तार


গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ ৰাজধানী গুৱাহাটী ৰ বশিষ্ঠ আৰক্ষী থানাৰ আৰক্ষীৰ দলে ড্ৰাগছৰ সৈতে দুখন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়। আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক অবগত কৰে যে গোপন তথ্যৰ আধাৰত চলোৱা অভিযানৰ সময়ছোৱাত থানাৰ অঞ্চল খানাপাৰা পৰিসৰত দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ হাতত কৰায়ত্ব হোৱা ড্ৰাগছ সৰবৰাহকাৰী জনক ৰাজু ডেকা ওৰফে পেটলা ৰাজু (৩৫, সৰ্থেৱাৰী, অসম) আৰু দীপংকৰ শইকীয়া (২৩, খানাপাড়া, মেঘালয়) বুলি চিনাক্ত কৰা হৈছে। ধৰা পৰা দুয়ো অভিযুক্তৰ জিম্মাৰ পৰা ৮ টা চাধাৰ টেমাত লুকুৱাই থোৱা ৬৬.৫৩ গ্ৰাম হেৰোইন, ৫৯ টা খালী প্লাষ্টিকৰ বটলৰ লগতে ৩ টা ম'বাইল ফোন জব্দ কৰা হৈছে। আৰক্ষীয়ে এই সম্পৰ্কে এনডিপিএছ এ্যাক্টৰ অধীনত এটা প্ৰাথমিক নথি নথিভুক্তি কৰিছে আৰু ধৰা পৰা দুয়ো সৰবৰাহকাৰীক জেৰা চলাই থকা হৈছে।

हिन्दुस्थान समाचार / ৰমেন বৰ্মণ


 rajesh pande