মোবাইল চোৰক গ্ৰেপ্তাৰ
গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গুৱাহাটী মহানগৰীৰ গৰচুক আৰক্ষীয়ে মোবাইল চুৰিৰ গোচৰত জড়িত এজন চোৰক গ্ৰেপ্তাৰ কৰিছে। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, এক গোপন সূত্ৰৰ পৰাই থানা এলেকাৰ কাটাবাৰীত চুৰি কাণ্ডৰ সৈতে জড়িত এজন চোৰক গ্ৰেপ্তাৰ কৰা হয়। ধৃ
बरामद की गई मोबाइल फोन


मोबाइल चोरी गिरफ्तार


গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গুৱাহাটী মহানগৰীৰ গৰচুক আৰক্ষীয়ে মোবাইল চুৰিৰ গোচৰত জড়িত এজন চোৰক গ্ৰেপ্তাৰ কৰিছে। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, এক গোপন সূত্ৰৰ পৰাই থানা এলেকাৰ কাটাবাৰীত চুৰি কাণ্ডৰ সৈতে জড়িত এজন চোৰক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত চোৰজনৰ নাম অংকুৰ ৰাভা (২৩)। ধৃত সন্দেহজনক লোকজনৰ পৰা তিনিটা চুৰি মোবাইল ফোন উদ্ধাৰ। আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি তীব্ৰ জেৰা অব্যাহত ৰাখিছে। সূত্ৰসমূহে জনোৱা মতে, জেৰাত গ্ৰেপ্তাৰ হোৱা চোৰৰ আন সহযোগীসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা যাব পাৰে।

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰত চুৰি কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে অহৰহ নিবিড় অভিযান চলাই আছে। চুৰি সামগ্ৰী ক্ৰয় কৰা সকলক লক্ষ্য কৰি লোৱাৰ ক্ষেত্ৰত আৰক্ষী বিশেষভাৱে সতৰ্ক। তেনে ব্যক্তিৰ আত্মগোপন স্থানতো সময়ে সময়ে আৰক্ষীৰ অভিযান চলোৱা হৈছে।

हिन्दुस्थान समाचार / ৰমেন বৰ্মণ


 rajesh pande