
নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বৃহস্পতিবাৰে আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিক আৰু ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰৰ সৈতে সাক্ষাৎ কৰে। দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে।
গোৱেলে কয় যে বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব সম্প্ৰসাৰণৰ এই বৈঠক এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আইনী খচৰা চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াত আছে, যিয়ে ইয়াৰ তাৎপৰ্য্য আৰু অধিক বৃদ্ধি কৰিছে।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ব্যাপক শুল্ক আদেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে বাতিল কৰাৰ পিছত আমেৰিকাই বিশ্বৰ সকলো দেশৰ ওপৰত ১৫০ দিনৰ বাবে ১০% শুল্ক ঘোষণা কৰে। কিন্তু পিছত ট্ৰাম্প প্ৰশাসনে এই পৰিমাণ ১৫% লৈ বৃদ্ধি কৰে। তদুপৰি ট্ৰাম্পে ভাৰতৰ পৰা আমদানি কৰা সৌৰকোষ আৰু মডিউলৰ ওপৰত ১২৬% পৰ্যন্ত বৃহৎ প্ৰত্য়াহ্বানমূলক শুল্ক (অতিৰিক্ত শুল্ক) আৰোপ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া