
বাক্সা, ২৬ ফেব্ৰুৱাৰী (হি.স.)। গোৰেশ্বৰৰ সমীপবৰ্তী বৰডাঙ্গেৰিকুছিত শ্ৰীশ্ৰী মনসা পূজাৰ আয়োজন। মানৱ সমাজৰ মঙ্গল কামনা কৰি তিনিদিনীয়াকৈ আয়োজন কৰা পূজাত উপস্থিত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা।
বৰডাঙ্গেৰিকুছিৰ বড়ো চুবা ৰাজহুৱা মনসা মন্দিৰৰ উদ্যোগত আয়োজন কৰা পূজাত আশীষ লৈ বিধায়ক দিগন্ত কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে মা মনসাৰ পূজা হল শক্তিৰ পূজা । মা মনসাৰ পূজা কৰিলে অপায় অমঙ্গল দূৰ হয়। গতিকে মা মনসাই নিশ্চয় ৰাইজৰ অপায় অমংগল দূৰ কৰিব। আনহাতে বিধায়ক কলিতাই এইবাৰো কমলপুৰ সমষ্টিত পদুম ফুলিব বুলি দাবী কৰাৰ লগতে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা